ভাৰতীয় সেনাৰ হাতত পৰিছে নতুন অস্ত্ৰ। এই অস্ত্ৰৰ ব্যৱহাৰে শত্ৰুক বহু পৰিমাণে কাবু কৰিব পাৰে। ভাৰতীয় সেনাই আত্মঘাতী ড্ৰোন নাগাস্ত্ৰ ১ (Nagastra 1) ৰ সঠিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব বিচাৰিছে। উল্লেখ্য যে থলুৱাভাৱে নিৰ্মিত এই ড্ৰোনৰ ফলত ভাৰতীয় সেনাই বহু শত্ৰুক পৰাজিত কৰিব।
এই ড্ৰ’নে জিপিএছৰ জৰিয়তে শত্ৰুৰ ওপৰত আত্মঘাতী আক্ৰমণ চলাব পাৰে। মাত্ৰ ৯ কেজি ওজনৰ এই মানৱবিহীন ড্ৰোনে ৩০ মিনিট অবিৰতভাৱে উৰিব পাৰে। ই মানুহৰ নিয়ন্ত্ৰণত ১৫ কিলোমিটাৰ পৰ্যন্ত উৰিব পাৰে ।
ইয়াৰ উপৰি স্বয়ংক্ৰিয় অৱস্থাত ৩০ কিলোমিটাৰ পৰ্যন্ত উৰিব পাৰে। আনহাতে, শত্ৰুৰ সন্ধানত মাটিৰ পৰা ২০০ মিটাৰ ওপৰলৈকে উৰিব পাৰে। কেৱল সেয়াই নহয়, এই নাগাস্ত্ৰ ১ দিন বা ৰাতিৰ যিকোনো সময়তে আৰামত উৰণ কৰিবলৈ সক্ষম। ইয়াৰ শৰীৰত ১ কেজি পৰ্যন্ত বিস্ফোৰক সামগ্ৰী কঢ়িয়াই নিব পাৰে।