অবিৰত বৰষুণৰ ফলত ভূমিস্খলনত বিপৰ্য্যস্ত উত্তৰ ছিকিম (North Sikkim devastated by landslides)। পৰিস্থিতি এনে এটা পৰ্যায় পাইছেগৈ যে পৰ্যটনৰ বাবে বিখ্যাত লাচুং, লাচেনকে ধৰি বহু অঞ্চল সমগ্ৰ দেশৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। পিটিআয়ে প্ৰকাশ কৰা অনুসৰি, এতিয়ালৈকে কমেও ১৫০০ পৰ্যটক আবদ্ধ (1500 tourists stranded) হৈ আছে। এই দুৰ্যোগে ৬ জন লোকৰ প্ৰাণ কাঢ়িছে। মংগন জিলা দণ্ডাধীশ হেমকুমাৰ ছেত্ৰীয়ে কয়, “পাক্ষেপ আৰু অম্বিতাং গাঁৱত মুঠ ৬ জন লোকৰ মৃত্যু (Six people died) হৈছে।”
জিলা প্ৰশাসনৰ সূত্ৰ অনুসৰি, মংগন আৰু চুংথাং সংযোগী বেইলী দলং ভাঙি গৈছে। ভূমিস্খলনৰ বাবে বহু পথ বন্ধ হৈ পৰিছে। বহু ঘৰ ধ্বংস হৈছে। বিদ্যুতৰ খুঁটা ভাঙি গৈছে। এনে পৰিস্থিতিত বুধবাৰে নিশা চৰকাৰী বিষয়াসকলে এখন বৈঠকত বহে। উদ্ধাৰৰ কাম কেনেকৈ কৰা হ’ব, সাহায্য প্ৰদান কৰা হ’ব, সেই সকলোবোৰ বিষয় উক্ত বৈঠকত আলোচনা কৰা হৈছে। ছিকিমৰ পৰিস্থিতিৰ বাবে ১০ নং ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত ব্যাহত হৈ পৰিছে।