কাৰ্বি আংলং (Karbi Anglong)ৰ পিজিআৰ-ভিজিআৰৰ ভূমি (PGR-VGR Land) বেদখল প্ৰসংগক লৈ পুনৰ তৎপৰ (Hurry up) হৈ উঠিছে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ (Karbi Anglong Autonomous Council)। উল্লেখযোগ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বে দুয়োখন পাহাৰীয়া জিলাতে পিজিআৰ-ভিজিআৰৰ ভূমি বেদখল উচ্ছেদৰ প্ৰসংগক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হৈছিল।
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰাও এই সন্দৰ্ভত জিলা দুখনৰ সকলো ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে উল্লিখিত ভূমি বেদখল মুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল। এনে পৰিস্থিতিত লোকসভা নিৰ্বাচনৰ তৎপৰতা আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত পিজিআৰ-ভিজিআৰৰ প্ৰসংগ তল পৰা আছিল যদিও বিষয়টোক লৈ পুনৰ তৎপৰ হৈ উঠিছে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ। ডিফুৰ মাটিপুংস্থিত আৰবৰেটামত এই সন্দৰ্ভত এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰা হয়।
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই উচ্চস্তৰীয় বৈঠকত প্ৰয়োজনীয় নথি-পত্ৰ সংগ্ৰহ কৰি অহা ১২ জুলাইত পুনৰ বৈঠকত মিলিত হোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এইক্ষেত্ৰত আলাপ-আলোচনাৰ মাজেৰে বিষয়টো সমাধান কৰা হʼব বুলি মুখ্য কাৰ্যবাহী গৰাকীয়ে সংবাদ মাধ্যমক ব্যক্ত কৰে।
আনহাতে, ফুলনি আৰু ডংকামোকাম ৰাজহ চক্ৰৰ অধীনত প্ৰায় ১৪ হাজাৰ বেদখলকাৰী পিজিআৰ-ভিজিআৰ এলেকাত থকা বুলি মুখ্য কাৰ্যবাহী গৰাকীয়ে কয়। আজিৰ এই উচ্চস্তৰীয় বৈঠকত প্ৰাক্তন সাংসদ হৰেণছিং বেʼ, ডাঃ জয়ন্ত ৰংপি, প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাং, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জৎচন বেʼ, প্ৰাক্তন বিধায়ক ধৰমছিং টেৰণ, বিধায়ক দৰছিং ৰংহাং, বিদ্যাছিং ইংলেং তথা পৰিষদৰ শীৰ্ষ বিষয়ববীয়া উপস্থিত থাকে।