
ঘূৰ্ণীবতাহ ৰেমলৰ প্ৰভাৱত আৰম্ভ হোৱা বৰষুণৰ পিছত এতিয়া ৰাজ্যত বান পৰিস্থিতিৰ সৃষ্টি (Flood situation in the state) হৈছে। ইতিমধ্যে বছৰটোৰ প্ৰথম বানত কেইবাখনো জিলাৰ পৰিস্থিতি শোচনীয় হৈ পৰিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ শেহতীয়া তথ্য অনুসৰি, ৰাজ্যৰ ৮খন জিলা সাম্প্ৰতিক বানৰ কবলত (Eight districts are in the grip of recent floods) পৰিছে৷ জিলাকেইখন হৈছে নগাঁও, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কাছাৰ, হোজাই, গোলাঘাট আৰু কাৰ্বি আংলং ৷ আনহাতে, জিলাকেইখনৰ ১৬ টা ৰাজহ চক্ৰৰ অধীনস্থ ১৪৩ খন গাঁও এই বানত ক্ষতিগ্ৰস্ত হৈছে৷
উল্লেখ্য যে ৰাজ্যৰ প্ৰথমটো বানত প্ৰায় ৪১,৭১৯ লোক ক্ষতিগ্ৰস্ত হৈছে৷ জিৱা অনুসৰি কৰিমগঞ্জত ২৬,৪৩০, কাছাত ৮,৩৫১, হাইলাকান্দিত ৬,২২৭, হোজাইত ৪৯৬ আৰু কাৰ্বি আংলঙত ২১৫ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে ৷

ইয়াৰ উপৰি এতিয়ালৈকে জিলাকেইখনৰ ৩৩৬ হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হোৱা বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্যত প্ৰকাশ৷
আনহাতে, এতিয়ালৈকে ৬ সাহায্য শিবিৰ আৰু ১৫৫ টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে৷ কাছাৰ জিলাত ৮৮ টা আৰু কৰিমগঞ্জত ৬৭ টা অস্থায়ী আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে৷ এই শিবিৰবোৰত ১৫৫ গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰিছে আৰু সাহায্য সামগ্ৰী প্ৰদানৰ বাবে ৭১৫ টা কেন্দ্ৰ স্থাপন কৰা হৈছে ৷
ইফালে ৰাজ্যৰ প্ৰথমটো বানত এতিয়ালৈকে এজন লোকৰ মৃত্যু (One person has died in floods so far) ঘটিছে৷ কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰত এই লোকজনৰ মৃত্যু ঘটিছে৷













