ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Remal effects in Northeast I উত্তৰ-পূবত ৰেমলৰ ত্ৰাস, সৰ্বাধিক প্ৰভাৱিত মিজোৰামত নিহত ২৭

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 29, 2024
Reading Time: 1 min read
A A
0
Remal effects in Northeast I উত্তৰ-পূবত ৰেমলৰ ত্ৰাস, সৰ্বাধিক প্ৰভাৱিত মিজোৰামত নিহত ২৭

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

উত্তৰ-পূৰ্বাঞ্চলত ৰেমলৰ (Remal effects in North East) ঘূৰ্ণীবতাহৰ তাণ্ডৱ। মিজোৰাম আৰু মণিপুৰৰ বিভিন্ন প্ৰান্তত ভূমিস্খলন সংঘটিত হোৱাৰ লগতে হঠাৎ সৃষ্টি হোৱা বানৰ ফলত ব্যাপক ক্ষতিসাধন হৈছে। মঙলবাৰে সন্ধিয়ালৈকে মিজোৰামত ২৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। আনহাতে, অসমত মৃত্যু হোৱা লোকৰ সংখ্যা কমেও ৫ জন।

Remal effects in Northeast I
উত্তৰ-পূবত ৰেমলৰ ত্ৰাস, সৰ্বাধিক প্ৰভাৱিত মিজোৰামত নিহত ২৭:

মিজোৰামত ১০ জন আৰু অসমত এজন লোক সন্ধানহীন। ত্ৰিপুৰাত ২৪ ঘণ্টাত অভিলেখ সৃষ্টি কৰিছে বৰষুণে। ৰাজ্যখনৰ প্ৰায় ২৩৪ কিলোমিটাৰ লাইন বিদ্যুৎবিহীন। অসমৰ ত্ৰিপুৰা, মিজোৰাম আৰু বৰাক উপত্যকাৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈছে। মিজোৰাম-মণিপুৰৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথো বিচ্ছিন্ন হৈছে।

ৰেমলৰ প্ৰভাৱত আইজলৰ মেলথাম অঞ্চলত এটা শিলৰ কুৱেৰী ভাঙি পৰাত কমেও ২৪ জন শ্ৰমিক আবদ্ধ হৈ পৰে। এই পৰ্যন্ত ১৪টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। লগতে ৭-৮ জন নিখোজ হৈছে। হ্লিমেন অঞ্চলত ঘৰ ভাঙি যোৱাৰ ফলত বাসিন্দাসকল উটুৱাই লৈ যায়। নদীৰ পৰা উদ্ধাৰ হৈছে ৪টা মৃতদেহ। চেলেমত ঘৰ ভাঙি ৩ জন নিহত হয়। ফালকাওঁত নৈৰ বুকুত জাহ যোৱা ২ জন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। ইয়াৰ উপৰি জিলা প্ৰশাসনে লুংছেই আৰু কেলছিত এজনকৈ আৰু আইবাওত দুজনকৈ লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে।

মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহোমাই পৰিস্থিতি সন্দৰ্ভত জৰুৰী বৈঠকৰ আহ্বান জনায়। সাহায্য হিচাপে ১৫ কোটি টকা অনুমোদন দিয়া হৈছে। মৃতকৰ আত্মীয়ক দিয়া হ’ব ৪ লাখকৈ টকা। ইফালে মণিপুৰত কাংপোকোপি জিলাত দলং ভাঙি পৰে। ভূমিস্খলনৰ ফলত মিজোৰাম আৰু মণিপুৰৰ মাজৰ পথটো বন্ধ হৈ পৰিছে। মণিপুৰৰ জিৰিবামত পথ ভাঙিছে, উখৰুলত বান পৰিস্থিতিৰ সৃষ্টি হৈছে ।

IMG 20240529 132607 | ASSAM TIMES POST

জনজীৱন বিঘ্নিত হৈছে সেনাপতি জিলাতো। ইম্ফলৰ ৰিমছ হাস্পতালৰ ৱাৰ্ডতো প্ৰৱেশ কৰিছে পানী। আনহাতে, অসমৰ ঢেকীয়াজুলিৰ বৰচলা অঞ্চলত এখন স্কুল বাছত গছ পৰি আহত হয় ১২ গৰাকী ছাত্ৰ-ছাত্ৰী। মৰিগাঁও জিলাৰ দীঘলবাৰী অঞ্চলত এখন অটো ভেনৰ ওপৰত গছ বাগৰি থিতাতে মৃত্যু হয় স্কুলীয়া ছাত্ৰ কৌশিক বৰদলৈ আম্ফা। পলাশবাৰীৰ ৰাজপুখুৰীত এজোপা গছ পৰি মৃত্যু হয় লৱণ্য কুমাৰী নামৰ এগৰাকী মহিলাৰ।

আনহাতে, গুৱাহাটীৰ পাঞ্জাবাৰীত গছ পৰাৰ ফলত কলেজীয়া ছাত্ৰী মিণ্টু তালুকদাৰৰ মৃত্যু হয়। একেদৰে কৰিমগঞ্জত আম গছৰ ডাল মূৰত পৰি মৃত্যু হয় জকিয়া বেগম নামৰ এটি শিশুৰ। মুজাম্মিল আলী লস্কৰ নামৰ বয়োজ্যেষ্ঠ ব্যক্তি এজন পিছলি নদীত পৰি নিৰুদ্দেশ হয়। ইফালে ধাৰাসাৰ বৰষুণৰ ফলত গোগামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভাঙি যোৱাৰ ফলত পুতুল গগৈ নামৰ এজন শ্ৰমিকৰ মৃত্যু হয়।

উল্লেখ্য যে সোমবাৰে সন্ধিয়াৰ পৰা মঙলবাৰে সন্ধিয়ালৈকে বিদ্যুৎবিহীন হৈ পৰে গুৱাহাটী। নিশাৰ ভিতৰতে ধুমুহাত গছ-গছনি বাগৰি পৰা আৰু পানী জমা হোৱাৰ পিছত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। ৰাজ্যজুৰি একেই অৱস্থা। ডিমা হাছাও জিলাও তছনছ হৈ পৰে। বহু ঠাইত ভাঙি পৰে ৰেল লাইন। কৰিমগঞ্জত চিংলা নদী ওফন্দি উঠাত বৃহৎ এলেকাৰ ঘৰত পানী প্ৰৱেশ কৰিছে। কাছাৰ আৰু হাইলাকান্দিতো বহু ঘৰত পানী।

অসম বিশ্ববিদ্যালয়ে বুধবাৰে বাতিল কৰে সকলো পৰীক্ষা। আনহাতে, অসমৰ ৯খন জিলাৰ সকলো শিক্ষানুষ্ঠান বুধবাৰেও বন্ধ থাকিব। গুৱাহাটীৰ পৰা আইজল আৰু শিলচৰলৈ বিমান চলাচল বন্ধ কৰি দিয়া হৈছে। গুৱাহাটী-কলকাতা বিমান সেৱাও বাতিল কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, আজি ৰেমলে বৰাকত অধিক প্ৰভাৱ পেলাব।

Tags: উত্তৰ-পূবত ৰেমলৰ ত্ৰাসসৰ্বাধিক প্ৰভাৱিত মিজোৰামত নিহত ২৭
Share4Tweet3Send

Related Posts

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
ADVERTISEMENT
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ভাৰতীয় ৰে’লত ৬ হাজাৰোধিক পদত নিযুক্তি, কেনেদৰে আবেদন কৰিব

June 4, 2026
50
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

June 4, 2026
50
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ
National-International

Cockroach Janata Party I শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, প্ৰথম সংবাদমেলতে ‘ককৰোচ জনতা পাৰ্টি’ৰ দাবী

June 4, 2026
50
Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু
National-International

Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :

Indian Railway I ভাৰতীয় ৰে’লত ৬ হাজাৰোধিক পদত নিযুক্তি, কেনেদৰে আবেদন কৰিব

June 4, 2026
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

June 4, 2026
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

Cockroach Janata Party I শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, প্ৰথম সংবাদমেলতে ‘ককৰোচ জনতা পাৰ্টি’ৰ দাবী

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx