ভোটগ্ৰহণৰ প্ৰথম দুটা পৰ্যায়ত ভোটদানৰ হাৰক লৈ বিভ্ৰান্তিৰ সৃষ্টি (Confusion over voting percentage) হৈছিল। নিৰ্বাচন আয়োগে প্ৰথমে প্ৰকাশ কৰা তথ্য পিছত সলনি হয়। আনহাতে, নিৰ্বাচনৰ সৈতে জড়িত তথ্য প্ৰকাশ কৰাত আয়োগে কিয় পলম কৰিলে সেই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু (Case filed in Supreme Court) কৰা হয়।
আবেদনকাৰীয়ে অনুৰোধ জনায় যে আয়োগে নিৰ্বাচনৰ সময়ত ভোটদানৰ হাৰ সম্পৰ্কীয় সকলো তথ্য নিজৰ চৰকাৰী ৱেবছাইটত প্ৰকাশ কৰিব লাগে। কিন্তু শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এই আবেদন খাৰিজ (Supreme Court dismisses plea) কৰে।
ভোটগ্ৰহণৰ সময়সীমা শেষ হোৱাৰ কেইবাদিনো পিছত দেশজুৰি প্ৰথম দুটা পৰ্যায়ত ভোটদানৰ হাৰ বৃদ্ধি পোৱাক লৈ সন্দেহৰ সৃষ্টি হয়। কংগ্ৰেছ, তৃণমূলকে ধৰি বিভিন্ন বিৰোধী দলে আয়োগৰ এই কামক লৈ সন্দেহ প্ৰকাশ কৰে। নিৰ্বাচন আয়োগৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন হয়। সেইবাবেই ‘এছ’চিয়েচন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ’ (Association for Democratic Reforms) নামৰ এটা সংগঠনে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰে।
![SC on booth wise voting percentage I বুথ অনুসৰি ভোটগ্ৰহণৰ হাৰৰ তথ্য প্ৰকাশৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ 3 বুথ অনুসৰি ভোটগ্ৰহণৰ হাৰৰ তথ্য প্ৰকাশৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/05/voting-1.jpg?resize=1050%2C590&ssl=1)
এই গোচৰৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠে। শুকুৰবাৰৰ ৰায়দানৰ সময়ত উচ্চতম ন্যায়ালয়ে কয়, “আমি এনেকুৱা একোতে বাধা দিব নোৱাৰো যি ইতিমধ্যে চলি আছে। আমি কোনো প্ৰক্ৰিয়াত বাধা নিদিওঁ। আমি কৰ্তৃপক্ষৰ ওপৰত আস্থা ৰাখিব লাগিব।”
উল্লেখযোগ্য যে বুধবাৰে গোচৰৰ শুনানিৰ সময়ত আবেদনকাৰীয়ে প্ৰস্তাৱ দিছিল যে আয়োগে বুথ অনুসৰি ভোটগ্ৰহণৰ হাৰৰ তথ্যও ৰাজহুৱা কৰক। হাতত তথ্য থকাৰ পিছত কিয় তথ্য প্ৰকাশ কৰিব নালাগে সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে বিবাদীয়ে। এই ক্ষেত্ৰত আয়োগে আদালতত শপতনামাত কয় যে বুথ ভিত্তিক ভোটদানৰ তথ্য জনসাধাৰণৰ আগত প্ৰকাশ কৰাৰ কোনো আইন নাই। এই তথ্য ওলালে ভোটাৰক প্ৰভাৱিত কৰিব পাৰে। যিবোৰ ক্ষেত্ৰত বিজয়ৰ ব্যৱধান সংকীৰ্ণ, বিশেষকৈ যিবোৰ ক্ষেত্ৰত ফৰ্ম ১৭চি (বুথ অনুসৰি ভোটদানৰ হাৰ)ৰ তথ্য প্ৰকাশ কৰা হয়, সেইবোৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ ভোটাৰৰ ওপৰত পৰিব।
সকলো পক্ষৰ যুক্তি শুনি উচ্চতম ন্যায়ালয়ে আয়োগৰ সপক্ষে ৰায় দিয়ে। উচ্চতম ন্যায়ালয়ে কয়, “এতিয়া নিৰ্বাচন চলি আছে। গতিকে এতিয়া এই বিষয়ত ইয়াৰ হস্তক্ষেপ কৰিব নোৱাৰি।” উচ্চতম ন্যায়ালয়ে বিবাদীৰ নতুন আবেদনৰ সৈতে জড়িত বিষয়টোক মূল গোচৰৰ সৈতে যোগ দিবলৈও কয়। উচ্চতম ন্যায়ালয়ে লগতে কয়, “শনিবাৰে দেশৰ ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন। এনে পৰিস্থিতিত আয়োগক জনশক্তিৰ প্ৰয়োজন। গতিকে গ্ৰীষ্মকালীন ছুটীৰ পিছত পুনৰ এই গোচৰৰ শুনানি গ্ৰহণ কৰা হ’ব।