ASSAM TIMES POST
ডিফুঃ ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগ তাৰালাংছ’ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীলৈ অনুষ্ঠিত হৈ থকা কাৰবি পৰাম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতা খনিৰ আজি সফল সামৰণি পৰে৷
কাৰবি আংলঙত চহকী কাৰবি লোককৃষ্টি সংস্কৃতিৰ সৌৰভ বিলাবলৈ কাৰবি আৰ্ট এণ্ড কালচাৰেল ছ’চাইটিৰ সহযোগত. ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ চিণ্ডিথ ব্ৰিগেডৰ উদ্যোগত তাৰালাংচৰ বাকৰিত অনুষ্ঠিত হোৱা ক্ৰীড়া প্ৰতিযোগিতাত কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তৰ. ৬ টা ক্লাবে অংশ গ্ৰহণ কৰে৷ কাৰবি পৰাম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতাৰ ইভেণ্ট সমূহ, ক্ৰমে ,হামবি কেপাথু, কেংডং দাং কে,কাপ, লাং পুম চক্ চন্ আৰু বাথেলি কে আপ৷
ইয়াৰোপৰি উক্ত ক্ৰীড়া প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি প্ৰাক্তন সৈনিক ৰেলীৰ ব্যৱস্থা কৰি বীৰ নাৰী, বীৰ সৈনিক সকললৈ সন্মান জ্ঞাপন কৰা হয়৷ উক্ত অনুষ্ঠানত সেনাৰ তৰফৰ পৰা বিভিন্ন ষ্টল আদি স্থাপন কৰাৰ লগতে সেনা আৰু জিলা হাস্পাতালৰ চিকিৎসক সকলৰ সহযোগত এক স্বাস্থ্য শিবিৰো অনুষ্ঠিত কৰা হয়৷
জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই বিজয়ী, বিজেতা সকললৈ পুৰষ্কাৰ হিচাপে ট্ৰফী, পদক,নগদ ধন প্ৰদান কৰাৰ লগতে বীৰ নাৰী আৰু যুদ্ধত বিকলাংগ হোৱা সকলক সম্বৰ্ধনা জ্ঞাপন কৰে৷ সেনাৰ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি কাৰবি পৰাম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতাৰ লক্ষ্য হৈছে কাৰবি পৰাম্পৰাগত লোক কৃষ্টি সংস্কৃতিক লোক সমাজত স্থাপিত কৰাৰ লগতে সেনাৰ সৈতে সাধাৰণ জনতাৰ সমন্বয় গঢ়ি তোলা৷ সেনাৰ এনে উদ্যোগক সচেতন মহল উচ্চ প্ৰশংসা কৰিছে৷













