গুজৰাটৰ (Gujarata) নদিয়াত বুধবাৰে আহমেদাবাদ-বদোদৰা এক্সপ্ৰেছৱেত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী মাৰুতি চুজুকি এৰটিগা আৰু ট্ৰেইলাৰৰ মাজত সংঘটিত হোৱা দুৰ্ঘটনাটোৰ ফলত থিতাতে ৮ জন লোক নিহত হোৱাৰ লগতে ২ জন লোকে চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যুক আঁকোৱালি লয়।
উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ পঞ্জীয়নভুক্ত ট্ৰাকখন এক্সপ্ৰেছৱেত ৰখাই থোৱাৰ সময়তে বদোদৰাৰ পৰা আহমেদাবাদলৈ গৈ থকাৰ পথত পিছফালৰ পৰা মাৰুতি চুজুকি এৰটিগা গাড়ীখনে খুন্দা মৰাৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।