অভিনেত্ৰী তথা বিজেপিৰ সাংসদ হেমা মালিনী (Hema Malini, MP) সন্দৰ্ভত আপত্তিজনক মন্তব্য (Offensive comments) কৰি বিপদত কংগ্ৰেছ নেতা ৰনদীপ সুৰজেৱালা (Congress leader Randhir Surjewala in trouble)। তেওঁৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ কৰিছে। মঙলবাৰে সন্ধিয়া আয়োগে অৱগত কৰে যে ৰাজ্যসভাৰ সাংসদ তথা হাৰিয়ানাৰ প্ৰাক্তন মন্ত্ৰী সুৰজেৱালাই আগন্তুক ৪৮ ঘণ্টালৈ কোনো নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব নোৱাৰিব।
চলিত মাহৰ আৰম্ভণিতে বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালৱিয়াই এক্স হেণ্ডেলত এটা ভিডিঅ’ পোষ্ট কৰিছিল। তাত সুৰজেৱালাই এক ৰেলীত ভাষণ দি মথুৰাৰ বিজেপি প্ৰাৰ্থী হেমাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা শুনা যায়। ইয়াৰ পিছত নিৰ্বাচন আয়োগে সুৰজেৱালাক জবাবদিহি কৰে। অৱশ্যে তেওঁ ইয়াৰ প্ৰত্যুত্তৰত কয় যে বিজেপিৰ আই টি চেলে ভিডিঅ’টোৰ সম্পাদনা কৰিছে।
উল্লেখযোগ্য যে ২০১৪ চনত প্ৰথমবাৰৰ বাবে মথুৰাৰ পৰা জয়লাভ কৰিছিল হেমা মালিনীয়ে। ৰাষ্ট্ৰীয় লোকদলৰ জয়ন্ত চৌধুৰীক ৪ লাখ ৫০ হাজাৰ ভোটত তেওঁ পৰাস্ত কৰে। ২০১৯ চনত নিকটতম প্ৰতিদ্বন্দ্বী আৰ এল ডিৰ সৈতে তেওঁৰ জয়ৰ ব্যৱধান ২ লাখ ৯৩ হাজাৰলৈ হ্ৰাস পায়। এইবাৰ নিৰ্বাচনত জয়ন্তৰ দল বিজেপিৰ মিত্ৰ। মথুৰা লোকসভাৰ আসনত হেমাৰ মূল যুঁজখন সমাজবাদী পাৰ্টীৰ সমৰ্থিত কংগ্ৰেছ প্ৰাৰ্থী মুকেশ ধনগৰৰ বিৰুদ্ধে।