মেঘালয়ত সংঘটিত এক লোমহৰ্ষক ঘটনা (A horrifying incident happened in Meghalaya)ৰ বলি অসমৰ তিনি যুৱক। জানিব পৰা মতে গোৱালপাৰাৰ পৰা মেঘালয়লৈ ফুৰিবলৈ যোৱা এই তিনি যুৱকক কোনো অজ্ঞাত কাৰণত তেওঁলোকৰ বাহনসহ জ্বলাই (Three youths from Assam were burnt along with their vehicles) দিয়ে অচিনাক্ত দুৰ্বৃত্তই। মেঘালয়ৰ ওৱাগাছিত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা (The incident took place in Owagachi, Meghalaya)। জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লোৱা তিনি যুৱকৰ দুজন গোৱালপাৰাৰ দলগোমাৰ বুলি জানিব পৰা গৈছে। ইয়াৰ বিপৰীতে তৃতীয়জন যুৱকক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। জানিব পৰা মতে তিনিওগৰাকী যুৱক মঙলবাৰে মেঘালয়ৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিবলৈ মঙলবাৰে এখন ছুইফট ডিজায়াৰ বাহনেৰে গৈছিল৷
কিন্তু এই যুৱক তিনিজনক কোনো অজ্ঞাত কাৰণত বাহনসহ দুৰ্বৃত্তই জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ মেঘায়লৰ পূব গাৰোপাহাৰ জিলাৰ ওৱাগাচিত সংঘটিত এই শিহৰণকাৰী ঘটনাটোৰ বিষয়ে বুধবাৰে পুৱা জানিব পৰা যায়। ওৱাগাচিৰ বনাঞ্চলত জ্বলি ছাই হোৱা গাড়ীখনসহ যুৱক তিনিজনৰ মৃতদেহ বুধবাৰে উদ্ধাৰ হয়৷ ইতিমধ্যে মেঘালয় আৰক্ষীয়ে মৃতদেহ তিনিটা উদ্ধাৰ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে৷
আনহাতে, অসম আৰক্ষীৰ হাতত মৃতদেহ তিনিটা চমজাই দিয়া হয়৷ চিনাক্ত হোৱা মৃতদেহ দুটা গোৱালপাৰাৰ দলগোমাৰ জমৰ আলী আৰু নুৰ মহম্মদ বুলি জানিব পৰা গৈছে।