ইজৰাইল-ইৰাণৰ সংঘাতে (Israel-Iran conflict) যদি পূৰ্ণাংগ যুদ্ধৰ ৰূপ লয় তেন্তে ভাৰতত ভয়াৱহ প্ৰভাৱ পৰিব বুলি আশংকা প্ৰকাশ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী (Foreign Affairs Minister) এছ জয়শংকৰে (S. Jaishankar)। বেংগালুৰুত অনুষ্ঠিত এক আলোচনা চক্ৰত জয়শংকৰে কয়, “যদি দুয়োপক্ষৰ মাজত উত্তেজনা আৰু সংঘাত বাঢ়ি যায় তেন্তে পশ্চিম এছিয়াৰ পৰা আমদানি কৰা খাৰুৱা তেলৰ মূল্য (Crude Oil Price) বহুত বৃদ্ধি পাব। আমদানিৰ খৰচ, জাহাজৰ খৰচ, বীমাৰ খৰচ, ইন্ধনৰ খৰচ সকলো বৃদ্ধি পাব।” কিন্তু একে সময়তে তেওঁ আগন্তুক লোকসভা নিৰ্বাচনত এই সংঘাতৰ কোনো প্ৰভাৱ নপৰে বুলিও দাবী কৰে।
আনহাতে, ইৰাণত আবদ্ধ হৈ থকা ইজৰাইলৰ জাহাজৰ পৰা ১৭ জন ভাৰতীয়ক মুক্ত কৰি দেশলৈ ঘূৰাই অনা ভাৰতৰ বাবে প্ৰধান প্ৰত্যাহ্বান বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ উপৰি নতুন দিল্লীয়ে এই সম্ভাৱ্য যুদ্ধ ৰোধৰ বাবে সক্ৰিয় পদক্ষেপ আৰম্ভ কৰিছে। জয়শংকৰে নিজেই ইজৰাইল আৰু ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ সৈতে কথা পাতে।
ইফালে এই মূল্যবৃদ্ধিয়ে আগন্তুক নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত জয়শংকৰে কয়, “আমি নিৰ্বাচনৰ অতি ওচৰত আছো। আৰু কেইসপ্তাহমানৰ ভিতৰতে ভোটগ্ৰহণ শেষ হʼব। নিৰ্বাচনত ইয়াৰ কোনো প্ৰভাৱ পৰিব বুলি মই নাভাবো।” কিন্তু ৰাজনৈতিক মহলে কয় যে ইৰাণ-ইজৰাইল সংকটে ভৱিষ্যতে বিজেপি আৰু দেশখনৰ আভ্যন্তৰীণ সামাজিক-ৰাজনৈতিক মহলত প্ৰভাৱ পেলাব পাৰে। ভাৰত-পশ্চিম এছিয়া-ইউৰোপ অৰ্থনৈতিক কৰিডৰৰ কথা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ আৰু প্ৰচাৰত উল্লেখ আছে। নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনৰ পিছৰে পৰা শাসকীয় দলটোৱে ইয়াক মোডী চৰকাৰৰ বাবে এক ডাঙৰ বিজয় হিচাপে দাঙি ধৰিবলৈ চেষ্টা কৰি আহিছে। কিন্তু কথাটো হ’ল ইউক্ৰেইন-ৰাছিয়া যুদ্ধ আৰম্ভ হোৱাৰ পিছত এই প্ৰকল্পৰ সম্ভাৱনা পিছুৱাই গ’ল। পশ্চিম এছিয়াৰ বৰ্তমানৰ সংঘাতৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অদূৰ ভৱিষ্যতে ইয়াক অতি অবাস্তৱ বুলি গণ্য কৰা হয়।
আনহাতে, যুদ্ধৰ সম্ভাৱনাই ভাৰতীয় শ্বেয়াৰ বজাৰত এক বৃহৎ জোকাৰণিৰ সৃষ্টি কৰাৰো সম্ভাৱনা আছে। উপসাগৰীয় অঞ্চলত প্ৰায় ১ কোটি প্ৰাবাসী ভাৰতীয় বাস কৰে। তাৰ পৰাই ভাৰতলৈ বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা আহে। ফলত পশ্চিম এছিয়াত যদি অস্থিৰতা গঢ় লৈ উঠে তেন্তে ভাৰত চৰকাৰৰ ওপৰত ডাঙৰ হেঁচা পৰিব পাৰে।