ছত্তীশগড়ৰ (Chhattisgarh) বস্তাৰ সংমণ্ডলত আৰক্ষী আৰু কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ যুটীয়া বাহিনীৰ সৈতে সংঘটিত এনকাউণ্টাৰত নিহত মাওবাদীৰ সংখ্যা ২৯লৈ বৃদ্ধি পাইছে। মঙলবাৰে নিশা কাংকেৰ জিলা আৰক্ষীয়ে এই কথা অৱগত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই প্ৰসংগত কয় যে মাওবাদী সম্পূৰ্ণৰূপে নিৰ্মূল নোহোৱালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰে এই অভিযান অব্যাহত ৰাখিব।
ইয়াৰ সমান্তৰালকৈ তেওঁ মন্তব্য কৰে, “উন্নয়ন আৰু শান্তিৰ পথত নক্সালসকল আটাইতকৈ ডাঙৰ শত্ৰু। যুৱক-যুৱতীসকলৰ হাতত অস্ত্ৰ তুলি দি তেওঁলোকৰ ভৱিষ্যত নষ্ট কৰি আছে।”
উল্লেখযোগ্য যে ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব মাওবাদী অধ্যুষিত কাংকেৰত। ইয়াৰ পূৰ্বে চৰকাৰে দাবী কৰে যে বিএছএফ আৰু ছত্তীশগড় আৰক্ষীৰ জিলা ৰিজাৰ্ভ গাৰ্ডৰ যুটীয়া দলে বিগত কেইটামান দশকত মাওবাদীক দমন কৰাত সৰ্বাধিক সফলতা লাভ কৰিছে।
মঙলবাৰে বিয়লিৰ পৰা আৰম্ভ হোৱা গুলীয়াগুলীত নিহতসকলৰ ভিতৰত নিষিদ্ধ চিপিআই (মাওবাদী) সংগঠনৰ শীৰ্ষ নেতা শংকৰ ৰাও আছিল। যাৰ মূৰৰ মূল্য আছিল ২৫ লাখ টকা। উদ্ধাৰ হৈছে ৭টা এ কে ছিৰিজৰ অটোমেটিক ৰাইফল আৰু তিনিটা লাইট মেচিনগান (এল এম জি)। আনহাতে, এই এনকাউণ্টাৰত তিনিজন নিৰাপত্তাৰক্ষী আহত হয়।
ইফালে এই সফল অভিযানৰ বাবে নিৰাপত্তা বাহিনীক অভিনন্দন জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এক্সত লিখিছে, “নৰেন্দ্ৰ মোডী চৰকাৰৰ আগ্ৰাসী নীতি আৰু নিৰাপত্তা বাহিনীৰ প্ৰচেষ্টাৰ বাবে নক্সালবাদ এতিয়া সৰু অঞ্চলত আবদ্ধ হৈ আছে। অতি সোনকালে ছত্তীশগড়কে ধৰি সমগ্ৰ দেশ সম্পূৰ্ণ নক্সালমুক্ত হ’ব।
আজি ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ অভিযানত বহু সংখ্যক নক্সালবাদী নিহত হয়। সকলো নিৰাপত্তাৰক্ষীক অভিনন্দন জনাইছো, যিসকলে সাহসেৰে এই অভিযান সফল কৰি তুলিছিল। আহত হোৱা সাহসী আৰক্ষীৰ আশু আৰোগ্য কামনা কৰিলোঁ।” উল্লেখ্য, বিএছএফৰ এক বিবৃতি অনুসৰি, গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰা হয় যে মাওবাদীৰ শীৰ্ষ কেডাৰসকলে কাংকেৰৰ জংঘলত ঘাটি স্থাপন কৰিছে।
উক্ত তথ্যৰ ভিত্তিত যৌথ বাহিনীৰ ১৮৫ জনীয়া এটা দলে অঞ্চলটোত অভিযান আৰম্ভ কৰে। গৃহ মন্ত্ৰালয়ৰ এক সূত্ৰৰ মতে, ২০১০ চনত সমগ্ৰ দেশৰ ৯৬ খন জিলাত মাওবাদীৰ আক্ৰমণ হৈছিল। কিন্তু এতিয়া ই ৫০ৰ তললৈ নামি আহিছে। এফালে নিয়মীয়া অভিযান আৰু আনফালে উন্নয়নৰ জৰিয়তে স্থানীয় ৰাইজক সমাজৰ মূল ধাৰাটোৰ সৈতে সংযোগ কৰাৰ কৌশল সফল হ’বলৈ আৰম্ভ কৰা বুলি মঙলবাৰৰ ঘটনাই প্রমাণ কৰিছে৷
ছত্তীশগড় চৰকাৰৰ পৰিসংখ্যা অনুসৰি, ২০২৩ চনৰ ডিচেম্বৰৰ পৰা ৰাজ্যখনত নিৰাপত্তা বাহিনীৰ অভিযানত ৬৮জন মাওবাদী নিহত হয়। এই যুঁজত ৬ জন জোৱানো নিহত হয়। আনহাতে, মাওবাদী গেৰিলা বাহিনীয়ে ১৭ জন গাঁওবাসীক হত্যা কৰে।