১৯ এপ্ৰিলত দেশৰ ২১ খন ৰাজ্যৰ ১০২ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ (Loksabha Election) প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। পশ্চিম উত্তৰ প্ৰদেশৰ পৰা অসম, মহাৰাষ্ট্ৰৰ পৰা মণিপুৰলৈকে শুকুৰবাৰে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইতিমধ্যে এই সমষ্টিসমূহত মঙলবাৰে নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিছে। আনহাতে, ইয়াৰ মাজতে ৰাম নৱমীও পৰিছে।
যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপিয়ে ৰাম নৱমীৰ পৰা ৰাম মন্দিৰলৈ আবেগৰ ঢৌ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। তাৰ অংশ হিচাপে বিহাৰ আৰু পশ্চিমবংগত মাৰাথন ৰেলীত মোডীয়ে সোঁৱৰাই দিয়ে যে বুধবাৰে ৰাম নৱমী উদযাপন কৰা হৈছে। এইটো প্ৰথমবাৰৰ বাবে হ’ব যে ৰামলালাক ৰাম নৱমীৰ দিনা অযোধ্যাৰ ৰাম মন্দিৰত দৰ্শন পোৱা যাব। লগতে তেওঁ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত নোহোৱাৰ বাবে বিৰোধী মিত্ৰজোঁটক দোষাৰোপ কৰে।
ইফালে কংগ্ৰেছ আৰু বিৰোধী মঞ্চ ইণ্ডিয়াৰ অনুভৱ যে এতিয়ালৈকে ৰাম মন্দিৰৰ তেনে কোনো ‘বতাহ’ নিৰ্বাচনত সৃষ্টি হোৱা নাই। বিজেপিয়ে ৰাম মন্দিৰক লৈ ধৰ্মীয় অনুভূতি বা চৰম দেশপ্ৰেমৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হোৱা নাই।
আনহাতে, মোডী চৰকাৰৰ বিৰুদ্ধে এক ‘প্ৰতিষ্ঠান বিৰোধী ঢৌ’ আছে। কিয়নো মানুহে নিবনুৱা, মূল্যবৃদ্ধি, উপাৰ্জনৰ লোকচানৰ বেদনা অনুভৱ কৰিছে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে বিগত কেইদিনমান ধৰি মোডী চৰকাৰৰ বিষয়ে কৈ আছে। প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কয়, “এই নিৰ্বাচন মাছ আৰু মাংসৰ বিষয়ে নহয়। সংস্থাপন আৰু দুবেলা দুমুঠি অন্নক লৈহে।”
কিন্তু এইখিনিতে উত্থাপন হোৱা প্ৰশ্নটো হ’ল, মোডী চৰকাৰৰ পক্ষত যদি ৰাজনৈতিক বতাহ বলা নাই, তেন্তে তেওঁলোকৰ বিৰুদ্ধে বতাহ আহিছে নেকি?
বিৰোধীয়ে নিবনুৱা, মূল্যবৃদ্ধি, ধনী আৰু দৰিদ্ৰৰ মাজৰ বৈষম্যৰ ওপৰত চৰকাৰৰ বিৰুদ্ধে জনমত সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে নেকি? এই সন্দৰ্ভত বিৰোধীয়ে দাবী কৰিছে যে মোডীয়ে বাৰে বাৰে ৰাম মন্দিৰৰ বিষয়টো উত্থাপন কৰি আছে, কাৰণ তেওঁৰ চৰকাৰৰ পক্ষত কোনো ৰাজনৈতিক বতাহ নাই।
চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰলৈ এখন পত্ৰ লিখি মোডীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাম মন্দিৰৰ বিষয়টো উত্থাপন কৰাৰ অভিযোগ উত্থাপন কৰে। টিএমচিৰ সাংসদ সাকেত গোখলেয়ে কয়, “নিৰ্বাচন আয়োগে কৈছিল যে যদি ধৰ্মক প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হয় তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। মোডী আৰু বিজেপিয়ে আদৰ্শ আচৰণ বিধি উলংঘা কৰা স্বত্বেও আয়োগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কিয়?”