২০১০ চনত শ্বাহৰুখ খানৰ ছবি ‘মাই নেম ইজ খান’ৰ সংলাপ এইবাৰ ১৪ বছৰৰ পাছত শুনা গ’ল দিল্লীৰ মুখ্যমন্ত্ৰীৰ মুখত। অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal) এইবাৰ কৈছে, “মাই নেম ইজ অৰবিন্দ কেজৰিৱাল, এণ্ড আই এম নট এ টেৰ’ৰিষ্ট।” মঙলবাৰে কাৰাবন্দী কেজৰিৱালৰ বাৰ্তা পঢ়ি আম আদমি পাৰ্টিৰ নেতা সঞ্জয় সিঙে এই মন্তব্য কৰে।
উল্লেখযোগ্য যে ২১ মাৰ্চত দিল্লী আবকাৰী গোচৰত কেজৰিৱাল বৰ্তমান তিহাৰ জে’লত বন্দী। তেওঁ দুই নম্বৰ চেলত দিন কটাবলগীয়া হৈছে। কাৰাবন্দী হৈ থকাৰ পিছৰে পৰা তেওঁ পত্নী সুনীতাকে ধৰি বিভিন্ন আপ নেতাৰ জৰিয়তে বাৰ্তা দি আহিছে। মঙলবাৰে ৰাজ্যসভাৰ সাংসদ সঞ্জয়েও একেধৰণৰ বাৰ্তা পাঠ কৰে।
আনহাতে, আপৰ সাংসদগৰাকীয়ে অভিযোগ কৰে যে কেজৰিৱালক জে’লত সন্ত্ৰাসবাদীৰ দৰে ব্যৱহাৰ কৰা হৈছে। আনহাতে, তিহাৰ কাৰাগাৰত কেজৰিৱালক সাক্ষাৎ কৰি আহি পঞ্জাৱৰ মুখ্যমন্ত্রীয়ে কয়, “এজন কলংকিত অভিযুক্তক দিয়া সুবিধাও কেজৰিৱালক দিয়া হোৱা নাই। এয়া অতি দুর্ভাগ্যজনক৷ তেওঁৰ দোষ ক’ত?” আনহাতে, মঙলবাৰে সঞ্জয়েও একে কথা কোৱা শুনা যায়।
একে সময়তে আপৰ সাংসদগৰাকীয়ে অভিযোগ কৰি কয়, “কেজৰিৱালক জে’লত ঘনিষ্ঠ লোকক লগ কৰিবলৈ দিয়া হোৱা নাই। এয়া স্পষ্টভাৱে প্ৰতিশোধৰ ৰাজনীতি। এইদৰে তেওঁক আটক কৰি ৰাখিব নোৱাৰিব। তেওঁ আৰু শক্তিশালী হৈ উঠিব।”
ইয়াৰ পিছত সঞ্জয়ে কয়, “নিজৰ ভাতৃ-পুত্ৰৰ দৰে দেশ আৰু দিল্লীৰ জনসাধাৰণৰ বাবে কাম কৰা অৰবিন্দ কেজৰিৱালে জে’লৰ পৰা বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ কৈছে, ‘মাই নেম ইজ অৰবিন্দ কেজৰিৱাল, এণ্ড আই এম নট এ টেৰ’ৰিষ্ট’।”
আপৰ সাংসদগৰাকীয়ে লগতে কয়, “যিমানেই তেওঁক (অৰবিন্দ কেজৰিৱালক) ভাঙিবলৈ চেষ্টা কৰিব, সিমানেই শক্তিশালী হৈ ঘূৰি আহিব।” উল্লেখযোগ্য যে সোমবাৰে কাৰাগাৰত কেজৰিৱালক সাক্ষাৎ কৰি আৱেগিক হৈ পৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী মান।