স্বামী বিবাহ বহিৰ্ভূত সম্পৰ্কৰ লগত জড়িতৰ সন্দেহ পত্নীৰ (Extramarital affairs) । কিন্তু তাৰ পৰিণতি যে ইমান মৰ্মান্তিক হ’ব সেয়া কোনেও ভাবিব পৰা নাছিল। জানিব পৰা মতে ভুক্তভোগী যুৱকজন পত্নীৰ সৈতে শহুৰেকৰ ঘৰলৈ গৈছিল। অভিযোগ অনুসৰি, নিশা খোৱা-লোৱা কৰি শুই থকা অৱস্থাত তেওঁৰ ওপৰত উতলা পানী ঢালি দিয়ে পত্নীয়ে। লগতে শহুৰেকে যুৱকজনক মাৰপিট কৰি ছাদৰ পৰা পেলাই দিবলৈ চেষ্টা কৰাৰো অভিযোগ।
শনিবাৰে মাজনিশা উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ পৰা ৫০ কিলোমিটাৰ নিলগৰ দেওৰিয়া অঞ্চলত সংঘটিত হয় এই ঘটনা। যুৱকজনৰ নাম আশীষ কুমাৰ ৰায়। অভিযুক্তৰ নাম অমৃতা ৰায়। আশীষৰ অভিযোগৰ ভিত্তিত উত্তৰ প্ৰদেশ আৰক্ষীয়ে অমৃতাক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, শনিবাৰে আশীষ অমৃতাৰ সৈতে শহুৰেকৰ ঘৰলৈ গৈছিল। ৰাতি ঘৰলৈ আহিব খোজাত শহুৰেকৰ ঘৰৰ লোকে বাধা দিয়ে।
অভিযোগ অনুসৰি, আশীষৰ মোবাইল ফোন আৰু বাইকৰ চাবি শহুৰেকে জব্দ কৰে। যুৱকজনে দাবী কৰে যে তেওঁ ৰাতি খোৱাৰ পিছত শুবলৈ যায় আৰু ঘৈণীয়েক গা ধুবলৈ যাম বুলি কোঠাৰ পৰা ওলাই যায়। কিন্তু আশীষে অভিযোগ কৰে যে পুৱা প্ৰায় ৩ বজাত শুই থকা অৱস্থাত অমৃতাই তেওঁৰ ওপৰত গৰম পানী ঢালি দিয়ে।
তাৰ পৰা পলাবলৈ চেষ্টা কৰাত শহুৰেকৰ ঘৰৰ মানুহে তেওঁক মাৰপিট কৰে। আশীষক ছাদৰ পৰা পেলাই দিবলৈও চেষ্টা কৰে। যাৰ ফলত আশীষে মূৰত আঘাত পায়। আশীষে কাষৰ আৰক্ষী থানাত পত্নীৰ বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ দাখিল কৰে। অমৃতাক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।