আৰু মাত্ৰ দুটা দিনৰ পিছতে দেশত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন (Loksabha Election)। ১৯ এপ্ৰিলৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমতো পাঁচটা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব । আনহাতে, নিৰ্বাচনৰ পূৰ্বে কেইবাটাও সংস্থাই নিৰ্বাচন সন্দৰ্ভত সমীক্ষা চলাইছে। লগতে প্ৰকাশ কৰিছে নিৰ্বাচনী মতামত।
সমগ্র দেশৰ লগতে অসমৰ বাবেও শেহতীয়াকৈ এবিপি নিউজ আৰু চি ভোটাৰে মতামত সমীক্ষা চলায়। উক্ত সমীক্ষাত আগন্তুক লোকসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ বাবে উল্লেখযোগ্য আসন লাভৰ প্ৰক্ষেপণ কৰা হৈছে। আনহাতে, অসমৰ ক্ষেত্ৰত মুঠ ১৪খন লোকসভা আসনৰ ক্ষেত্ৰত নিৰ্বাচনী দৃশ্যপটত এক গুৰুত্বপূৰ্ণ প্ৰভাৱৰ কথা উল্লেখ কৰা হৈছে।
শেহতীয়া এবিপি নিউজ আৰু চি ভোটাৰৰ মতামত সমীক্ষাত অসমৰ ক্ষেত্ৰত প্ৰক্ষেপ কৰা হৈছে যে এনডিএয়ে ১২ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। আনহাতে ইণ্ডিয়া ব্লকে ২ খন আসন লাভ কৰাৰ ভৱিষ্যদ্বাণী কৰা হৈছে। আনহাতে, বিজেপিয়ে ৯খন আসন দখল কৰাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি ইউপিপিএল আৰু অসম গণ পৰিষদে ৩খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে ২খন আসন লাভ কৰাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে।
আনহাতে, ইণ্ডিয়া ব্লকে ৩৫.৫ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে এনডিএয়ে ৫১.৮ শতাংশ ভোট লাভ কৰাৰ সম্ভাৱনা আছে। আনহাতে, এআইইউডিএফে ১০.৫ শতাংশ ভোট লাভ কৰাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে অসমত মুঠ ১৪খন আসনৰ বাবে তিনিটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ১৯ এপ্ৰিলৰ প্ৰথম পৰ্যায়ত কাজিৰঙা, তেজপুৰ, যোৰহাট, ডিব্ৰুগড়, আৰু লখিমপুৰ সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত কৰিমগঞ্জ, শিলচৰ, মঙলদৈ, নগাঁও, আৰু কলিয়াবৰ আৰু ৭ মে’ত তৃতীয় পৰ্যায়ত ধুবুৰী, কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটী লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব।