গুজৰাটৰ এজন ব্যৱসায়ী (Gujarat Businessman) আৰু তেওঁৰ পত্নীয়ে প্ৰায় ২০০ কোটি টকাৰ সম্পত্তি দান কৰি সন্ন্যাস গ্ৰহণ কৰিবলৈ ওলাইছে। উক্ত ধনী ব্যৱসায়ীজনৰ নাম হৈছে ভৱেশ ভাণ্ডাৰী। তেওঁ জৈন ধৰ্মৰ। ফেব্ৰুৱাৰী মাহত ভৱেশ আৰু তেওঁৰ পত্নীয়ে আনুষ্ঠানিকভাৱে নিজৰ সকলো সম্পত্তি দান কৰে।
ইয়াৰ পূৰ্বে ২০২২ চনত দম্পতীহালৰ ১৯ বছৰীয়া কন্যা আৰু ১৬ বছৰীয়া পুত্ৰই সন্ন্যাস গ্ৰহণ কৰিছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, কন্যা আৰু পুত্ৰৰ এই কাৰ্যৰ পিছত তেওঁলোকেও সন্ন্যাস গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত হয়।
ভৱেশ হৈছে গুজৰাটৰ হিম্মতনগৰৰ এজন ব্যৱসায়ী। তেওঁ নিৰ্মাণ ব্যৱসায়ৰ সৈতে জড়িত আছিল। তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ২০০ কোটি। এই সকলোবোৰ সম্পত্তি তেওঁ দান কৰে। বৰ্তমান দুয়োজনে সন্ন্যাসীৰ জীৱন কটাই আছে যদিও ২২ এপ্ৰিলত আনুষ্ঠানিকভাৱে দীক্ষা লোৱাৰ কথা। তাৰ পিছত ভৱেশ আৰু তেওঁৰ পত্নীয়ে সকলো পাৰিবাৰিক সম্পৰ্ক বিচ্ছিন্ন কৰিব। বস্তুবাদী চিন্তাধাৰাও ত্যাগ কৰিব। দীক্ষা লোৱাৰ পিছত তেওঁলোকে খালী ভৰিৰে সমগ্ৰ ভাৰত ভ্ৰমণ কৰিব।
কেৱল দান-বৰঙণিৰে জীয়াই থাকিব। উল্লেখযোগ্য যে জৈন ধৰ্মত দীক্ষা মানে বিলাসী জীৱন ত্যাগ কৰি দান-বৰঙণিৰে জীৱন নিৰ্বাহ কৰি খালী ভৰিৰে দেশ ভ্ৰমণ কৰা। দীক্ষাৰ পিছত ভৱেশ আৰু তেওঁৰ পত্নীয়ে বগা কাপোৰ পিন্ধিব। এটা দানৰ বাটি আৰু ‘ৰাজোহৰণ’ (বহাৰ আগতে জৈন সন্ন্যাসীসকলে ঝাড়ু দিবলৈ ব্যৱহাৰ কৰা বগা ঝাড়ু) লগত ৰাখিব।
উল্লেখযোগ্য যে যোৱা বছৰ গুজৰাটৰ এজন কোটিপতি হীৰা ব্যৱসায়ী আৰু তেওঁৰ পত্নীয়েও একে পদক্ষেপ গ্ৰহণ কৰিছিল।ইয়াৰ পূৰ্বে ২০১৭ চনত মধ্যপ্ৰদেশৰ ধনী ব্যৱসায়ী সুমিত ৰাথোৰ আৰু তেওঁৰ পত্নী অনামিকাই সন্ন্যাস গ্ৰহণ কৰি ১০০ কোটি টকাৰ সম্পত্তি দান কৰি বাতৰিৰ শিৰোনাম দখল কৰিছিল।
তেওঁলোকৰ তিনি বছৰীয়া কন্যাক ককা-আইতাকৰ ওচৰত এৰি তেওঁলোকে ভিক্ষাৰ জোলোঙা হাতত লৈছিল। ভৱেশ আৰু তেওঁৰ পত্নীও এতিয়া একে পথতে খোজ দিছে।