কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi) নিৰ্বাচনী বণ্ডৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰা দাবীৰ উত্তৰ দিছে। সোমবাৰে নিশা কেৰালাত প্ৰচাৰ চলাই থকা সময়ত তেওঁ কয়, “নিৰ্বাচনী বণ্ড একেবাৰে পৰিষ্কাৰ-পৰিচ্ছন্ন কাৰ্যসূচী নহয়, কিন্তু বিশ্বৰ আটাইতকৈ ডাঙৰ ধনদাবীৰ চক্ৰ। আৰু নৰেন্দ্ৰ মোডী হৈছে ইয়াৰ মাষ্টাৰমাইণ্ড।”
উল্লেখযোগ্য যে সোমবাৰে সংবাদ সংস্থা এএনআইক দিয়া এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোডীয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্বাচনী বণ্ড বাতিল কৰাৰ সিদ্ধান্তক সমালোচনা কৰি কয়, “দেশখনক ক’লা ধনৰ ফালে ঠেলি দিয়া হৈছে।” তেওঁ কয় যে নিৰ্বাচনী বণ্ড অবিহনে কোন কোম্পানীয়ে কোনটো দলক কিমান টকা দিছে কোনেও জানিব নোৱাৰিলেহেঁতেন।
নিৰ্বাচনী বণ্ডক সুৰক্ষা প্ৰদান কৰি মোডীয়ে পিটিআইক কয় যে নিৰ্বাচনত ক’লা ধনৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিবলৈ এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। “যদি সত্য প্ৰতিফলন হয়, সকলোৱে এদিন অনুশোচনা কৰিব। মই কেতিয়াও কোৱা নাই যে এটা সিদ্ধান্ত সম্পূৰ্ণৰূপে নিখুঁত। কিন্তু বিৰোধী দলবোৰে নিৰ্বাচনী বণ্ডৰ বিষয়ে মিছা প্ৰচাৰ কৰি আছে।” তেওঁ কয়।
ইয়াৰ পিছতে কেৰালাত কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাই থকা ৰাহুলে কেন্দ্ৰীয় চৰকাৰ আৰু শাসকীয় দলক কঠোৰ ভাষাৰে আক্ৰমণ কৰে। “কেন্দ্ৰীয় সংস্থাসমূহৰ অভিযানৰ পিছত নিৰ্বাচনী বণ্ডে শাসকীয় দলক কেনেকৈ অনুদান দিছিল, নিৰ্বাচনী বণ্ডৰ জৰিয়তে কেনেকৈ ধন লাভ কৰা হৈছিল আৰু এক নিৰ্দিষ্ট কোম্পানীক চুক্তি দিয়া হৈছিল সেয়া এতিয়া পোহৰলৈ আহিছে।” ৰাহুল গান্ধীৰ অভিযোগ।
উল্লেখযোগ্য যে ১৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড ব্যৱস্থাক ‘অসাংবিধানিক’ আৰু ‘ক্ষতিকাৰক’ বুলি অভিহিত কৰিছিল।লগতে আদালতে এছবিআইক তৎক্ষণাৎ বণ্ড জাৰি কৰাটো বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। শীৰ্ষ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত এছবিআয়ে নিৰ্বাচনী বণ্ডৰ বিৱৰণ নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰে।
আনহাতে, কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী তথা প্ৰসিদ্ধ অৰ্থনীতিবিদ পৰাকলা প্ৰভাকৰেও নিৰ্বাচনী বণ্ডক ‘বিশ্বৰ আটাইতকৈ ডাঙৰ কেলেংকাৰী’ বুলি অভিহিত কৰে।