মুকলি আকাশৰ তললৈ নাহে কে কবিতা। উল্লেখযোগ্য যে দিল্লীৰ আবকাৰী দুৰ্নীতিৰ গোচৰত কেচিআৰৰ জীয়ৰী কে কবিতাক (K Kabitha) গ্ৰেপ্তাৰ কৰা হয়। তেওঁক পূৰ্বে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৱে (ইডি) দ্বাৰা গ্ৰেপ্তাৰ কৰাৰ পিছত ১১ এপ্ৰিলত পুনৰ চিবিআয়ে গ্ৰেপ্তাৰ কৰে। দিল্লীৰ এখন আদালতে সোমবাৰে আবকাৰী কেলেংকাৰীৰ গোচৰত কে কবিতাক ২৩ এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
এতিয়া আদালতৰ অনুমতিৰ পিছত চিবিআই বিষয়াসকলে কাৰাগাৰলৈ গৈ কবিতাক জেৰা কৰিব। তেওঁক ফোন আৰু আন এজন অভিযুক্ত বুচি বাবুৰ হোৱাটছএপ মেছেজৰ ওপৰত ভিত্তি কৰা এটা ভূমি চুক্তিৰ বিষয়ে প্ৰশ্ন কৰা হয়। অভিযোগ কৰা হৈছে যে এই চুক্তিৰ বিনিময়ত আম আদমী পাৰ্টিক তেওঁ ১০০ কোটি টকা দিছিল। আনহাতে, কাৰাগাৰত জেৰাৰ পিছত তেওঁক আৰু তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।
সূত্ৰ অনুসৰি, কবিতাক সোমবাৰে আদালতত হাজিৰ কৰোৱাৰ সময়ত চিবিআয়ে কয় যে ইয়াৰ বাবে তেওঁলোকৰ জিম্মাত সোধপোছাৰ প্ৰয়োজন নাই। অৱশ্যে কবিতা ২৩ এপ্ৰিললৈকে তিহাৰ কাৰাগাৰতে থাকিব। কিয়নো তেওঁৰ ন্যায়িক জিম্মা বৃদ্ধি কৰা হৈছে। উল্লেখযোগ্য যে কবিতাক আবকাৰী কেলেংকাৰীৰ সন্দৰ্ভত ১৫ মাৰ্চত হায়দৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।