ট্ৰাক আৰু গাড়ীৰ সংঘৰ্ষত একেটা পৰিয়ালৰ ৭ জন সদস্যৰ মৃত্যু। আৰক্ষীৰ তথ্য অনুসৰি, নিহতসকলৰ ভিতৰত দুটা শিশুও আছে। দেওবাৰে সন্ধিয়া ৰাজস্থানৰ (Rajasthan Accident) ছিকাৰ জিলাত সংঘটিত হয় এই দুৰ্ঘটনা।
উত্তৰ প্ৰদেশৰ মীৰাটৰ এটা পৰিয়ালে দেওবাৰে ৰাজস্থানৰ চালাছাৰৰ বালাজী মন্দিৰ পৰিদৰ্শন কৰে। পূজাৰ পৰা উভতি অহাৰ পথত তেওঁলোকৰ গাড়ীখন এক দুৰ্ঘটনাৰ সন্মুখীন হয়। ছিকাৰ জিলাৰ সমীপৱৰ্তী ঘাইপথত গাড়ীখনে এখন ট্ৰাকৰ সৈতে খুন্দা মাৰে। লগে লগে গাড়ীখনত জুই লাগে। আৰক্ষীৰ সূত্ৰ অনুসৰি, গাড়ীখনত চালকসহ ৭জন লোক আছিল। কিন্তু গাড়ীৰ পৰা কোনেও নামিব নোৱাৰিলে। আটাইকেইজনে গাড়ীত অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লয়।
জানিব পৰা মতে, ঘাইপথ খালী থকাৰ বাবে চালকজনে খুব বেগেৰে গাড়ী চলাইছিল। এখন ট্ৰাকক অভাৰটেক কৰিবলৈ গৈয়ে দুৰ্ঘটনাটো সংঘটিত হয়। কিন্তু বিপৰীত দিশৰ পৰা গাড়ী এখন অহাত চালকজনে সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ ফালৰি কাটে। কিন্তু গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই কাষৰ ট্ৰাকখনত খুন্দা মাৰে। লগে লগে গাড়ীখনত জুই লাগে।
স্থানীয় ৰাইজে ততাতৈয়াকৈ জুই নিৰ্বাপনৰ চেষ্টা কৰে। কিন্তু গাড়ীৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ থকাৰ বাবে কোনেও খুলিব পৰা নাছিল। প্ৰত্যক্ষদৰ্শীৰ মতে যাত্ৰীসকলে সহায় বিচাৰি চিঞৰিছিল যদিও অগ্নিকাণ্ড ইমানেই তীব্ৰ আছিল যে কোনেও গাড়ীখনৰ কাষ চাপিব পৰা নাছিল। অৱশেষত গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ আটাইকেইজনে কৰুণ মৃত্যুক সাৱটি লয়। আনহাতে, দুৰ্ঘটনাৰ পিছত ট্ৰাকখনৰ চালক আৰু সহায়কে পলায়ন কৰে।