ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণৰ (Iran Attack on Israel) পৰিপ্ৰেক্ষিতত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ইৰাণক সতৰ্ক কৰি দিছে। আনহাতে, এয়াৰ ইণ্ডিয়াই ভাৰত আৰু ইজৰাইলৰ মাজত ইয়াৰ আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল স্থগিত ৰাখিছে।
দেওবাৰে এক বিবৃতিত এয়াৰ ইণ্ডিয়াই কয় যে তেওঁলোকে দিল্লী আৰু তেল আভিভৰ (ইজৰাইলৰ অন্যতম মুখ্য চহৰ) মাজত অনিৰ্দিষ্টকালৰ বাবে বিমান চলাচল স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত দেওবাৰৰ পৰা কাৰ্যকৰী হৈছে।
উল্লেখযোগ্য যে এয়াৰ ইণ্ডিয়াই প্ৰতি সপ্তাহত ভাৰতৰ ৰাজধানী আৰু ইজৰাইলৰ অন্যতম মুখ্য চহৰৰ মাজত চাৰিখন বিমান পৰিচালনা কৰে। টাটা গ্ৰুপৰ দ্বাৰা নিয়ন্ত্ৰিত এয়াৰলাইনটোৱে ইয়াৰ পূৰ্বে হামাছ আক্ৰমণৰ সময়তো ইজৰাইলৰ সৈতে বিমান চলাচল স্থগিত ৰাখিছিল। বিমান সংস্থাটোৱে প্ৰায় পাঁচ মাহৰ পিছত ৩ মাৰ্চত দুয়োখন দেশৰ মাজত বিমান চলাচল পুনৰ আৰম্ভ কৰে। অৱশ্যে বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু যাত্ৰীসকলৰ সুৰক্ষাৰ স্বাৰ্থত পুনৰ সেৱা স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।
উল্লেখযোগ্য যে দেওবাৰে তেহৰানে প্ৰায় ২০০ টা ড্ৰোনেৰে পোনপটীয়াকৈ ইজৰাইলী ভূখণ্ডক লক্ষ্য কৰি মিছাইল নিক্ষেপ কৰে বুলি জানিব পৰা গৈছে। উক্ত আক্ৰমণৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক পৰিস্থিতৰ বিষয়ে সোধাপোছা কৰিবলৈ ফোন কৰে। প্ৰতিবেদনত লগতে জানিবলৈ পোৱা গৈছে যে নেতানিয়াহুৱে বাইডেনক ইৰাণৰ আক্ৰমণৰ বিষয়ে উল্লেখ কৰি কয় যে এই আক্ৰমণৰ সঠিক উত্তৰ দিব।