পাকিস্তানৰ অশান্ত বেলুচিস্তান প্ৰদেশত (Balochistan province of Pakistan) অচিনাক্ত সন্ত্ৰাসবাদীয়ে ৯ বাছ যাত্ৰীসহ কমেও ১১ জন লোকক হত্যা (Unidentified militants kill at least 11 people) কৰে। প্ৰথমটো ঘটনাত নোছকি জিলাৰ ঘাইপথত অস্ত্ৰধাৰী সন্ত্ৰাসবাদীয়ে এখন বাছ ৰখাই ৯ জন লোকক অপহৰণ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। পিছত ওচৰৰ পাহাৰীয়া অঞ্চলৰ এখন দলঙৰ ওচৰত গুলীবিদ্ধ অৱস্থাত ৯টা মৃতদেহ উদ্ধাৰ হয় বুলি এজন বিষয়াই জনায়।
কুৱেটৰ পৰা টাফটানলৈ যোৱাৰ পথত অস্ত্ৰধাৰী লোকসকলে বাছখন ৰখায় আৰু যাত্ৰীসকলৰ মাজৰ পৰা ৯ জনক বাছি বাছি পাহাৰীয়া অঞ্চললৈ লৈ যায়। আন এক সুকীয়া ঘটনাত একেটা পথতে এখন গাড়ীত গুলীচালনা কৰাৰ ফলত দুজন যাত্ৰী নিহত হোৱাৰ লগতে আহত হয় দুজন। বেলুচিস্তানৰ মুখ্যমন্ত্ৰী মিৰ ছাৰফৰাজ বুগটিয়ে কয় যে নাছিক ঘাইপথত ১১ জন লোকৰ হত্যাকাণ্ডৰ লগত জড়িতসকলক ৰেহাই দিয়া নহ’ব।
বুগটিয়ে কয় যে এই আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদীৰ লক্ষ্য আছিল বেলুচিস্তানৰ শান্তি বিনষ্ট কৰা। গৃহমন্ত্ৰী মহছিন নাকৱিয়েও এই ঘটনাক গৰিহণা দি কয় যে এই মুহূৰ্তত চৰকাৰে নিহতসকলৰ পৰিয়ালৰ কাষত আছে। তেওঁ কয়, “এনে দুখজনক ঘটনাৰ বাবে সান্ত্বনাৰ কোনো ভাষা নাই।”
অৱশ্যে কোনো নিষিদ্ধ সংগঠনে এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও কেইবা সপ্তাহ ধৰি প্ৰদেশখনত নিষিদ্ধ সংগঠন আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণ বৃদ্ধি পাইছে। নিৰাপত্তা বাহিনী আৰু বৃহৎ অট্টালিকাক মুকলিকৈ লক্ষ্য কৰি লোৱা হৈছে। নিষিদ্ধ বেলুচিস্তান লিবাৰেচন আৰ্মীয়ে বিগত কেইটামান সপ্তাহত প্ৰদেশখনত তিনিটা বৃহৎ আক্ৰমণৰ দাবী জনাইছে। আনহাতে, নিৰাপত্তা বাহিনীয়ে প্ৰায় ১৭ জন সন্ত্ৰাসবাদীক হত্যা কৰিছে।