লোকসভা নির্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছে নির্বাচনী ইস্তাহাৰত (Congress election manifesto) প্রকাশ কৰা পাঁচটা গেৰাণ্টি সন্দৰ্ভত (In respect of five guarantees) আজি জিলা কংগ্রেছে কংগ্রেছ কার্যালয়ত এক সংবাদমেল (Press conference in Diphu) সম্বোধন কৰে। কংগ্রেছ নেতা ছেমছনছিং ইংতি, মেৰী ৰংপিপী আৰু নার্গেশ পাণ্ডেই সম্বোধন কৰা সংবাদমেল যোগে কংগ্রেছে লোকসভা নিৰ্বাচনৰ বাবে ঘোষণা কৰা পাঁচটা গেৰাণ্টিৰ কথা সদৰি কৰে।
প্রথম বছৰত ১ লাখ টকাৰ মাননীৰে প্ৰতিজন শিক্ষিত যুৱক-যুৱতীলৈ নিযুক্তিৰ গেৰাণ্টি। প্রতিটো বছৰে প্রতিটো দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলালৈ ১ লাখ টকা প্রদানৰ গেৰাণ্টি। স্বামীনাথন আয়োগৰ পৰামৰ্শবলী অনুসৰি কৃষকৰ ঋণ মাফৰ গেৰাণ্টি।
প্রতিজন শ্রমিককে নিম্নতম ৪০০ টকাৰ মজুৰিৰ গেৰান্টি, সামাজিক আৰু আর্থিক সমতাৰ বাবে প্রতিজন ব্যক্তি, প্রতিটো জনগোষ্ঠীৰ লোকপিয়লৰ গেৰাণ্টিৰ কথা সদৰি কৰে । কংগ্ৰেছ দলে ক্ষমতালৈ আহিলে সততাৰং এই গেৰাণ্টি সমূহ কার্যকৰী কৰা হ’ব বুলি সংবাদমেলযোগে নেতৃবর্গই দাবী কৰে।
ইয়াৰোপৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি তিনি পাৰ্বত্য জিলা ক্ৰমে, কাৰবি আংলঙ, পশ্চিম কাৰবি আংলং আৰু ডিমা হাছাওক সাঙুৰি সংবিধানৰ অনুচ্ছেদ ২৪৪(ক) ৰূপায়ণ কৰাৰো প্ৰতিশ্ৰতি প্ৰদান কৰে নেতৃবৰ্গই৷