ASSAM TIMES POST
নিউজ ডেক্সঃ দিল্লী বিধানসভাৰ নিৰ্বাচন অহা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব৷ আনহাতে অহা ১১ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ ভোট গণনা লগতে ফলাফল ঘোষণা কৰা হ’ব৷ সোমবাৰে এই কথা ঘোষণা কৰে দেশৰ মুখ্য নিৰ্বাচনী বিষয়া সুনীল আৰোৰাই৷ আনহাতে অহা ১৪ জানুৱাৰীত এই নিৰ্বাচনৰ জাননী জাৰি কৰিব৷ তদুপৰি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ শেষ দিন ২১ জানুৱাৰী ধাৰ্য কৰা হৈছে৷ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ২৪ জানুৱাৰী৷ উল্লেখ্য যে দিল্লী বিধানসভাত মুঠ আসনৰ সংখ্যা ৭০ খন৷













