সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসকীয় বিজেপি দলে ব্যাপক প্ৰচাৰ অব্যাহত ৰখাৰ সমান্তৰালভাৱে বিৰোধী দলসমূহেও অব্যাহত ৰাখিছে তৎপৰতা। আজি ডিফুত এক সংবাদমেল (Press conference in Diphu) অনুষ্ঠিত কৰি অল পাৰ্টি হিলছ লীডাৰ্ছ কনফাৰেন্স (All Party Hills Leaders Conference) চমুকৈ এপিএইচএলচি (AHLC) দলৰ সভাপতি তথা দলটোৰ এইবাৰৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী জন ইংতি কাথাৰে (John Ingti Kathar) দলৰ লক্ষ্য সম্পৰ্কে গুৰুত্বপূৰ্ণ স্থিতি প্ৰকাশ কৰে।
নেতাগৰাকীয়ে আজিৰ সংবাদমেল যোগে পাৰ্বত্য জিলাকেইখনত বসবাস কৰি থকা পাৰ্বত্য জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু আদিবাসী সকলৰ সুৰক্ষা সুনিশ্চিত কৰাটো দলটোৰ মূল লক্ষ্য বুলি সদৰি কৰে।জিলাকেইখনৰ এই খিলঞ্জীয়া শক্তিক বাধা দিয়াৰ উদ্দেশ্যেই বিজেপি -আৰ এছ এছ-বংগসেনাই গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী থিয় কৰোৱা বুলি কাথাৰে মন্তব্য কৰে।
আনহাতে, জিলাখনত তিনি বছৰতকৈ অধিক সময়ত কৰ্মৰত চৰকাৰী বিষয়াসকলক নিৰ্বাচনৰ পূৰ্বে বদলি কৰিব লাগে যদিও জিলাখনত এনে বহু চৰকাৰী বিষয়া এতিয়াও কৰ্মৰত হৈ থকা বুলি অভিযোগ কৰে। এইক্ষেত্ৰত পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকক ডিমা হাচাও জিলালৈ বদলি কৰা বুলি আঙুলিয়াই দি এয়া আইনবিৰুদ্ধ আৰু ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশৰ অৱমাননা হোৱাৰ অভিযোগ উত্থাপন কৰে।