
এইবাৰ কৃত্ৰিম বুদ্ধিমত্তা (Artificial Inteligence) ব্যৱহাৰ কৰি ভাৰতীয় নিৰ্বাচনত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে চীনে। এই আশংকাৰ কথা প্ৰকাশ পাইছে আমেৰিকাৰ তথ্য প্ৰযুক্তি কোম্পানী মাইক্ৰ’ছফ্টৰ শেহতীয়া প্ৰতিবেদনত। কেৱল ভাৰতেই নহয়, চীনে দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ নিৰ্বাচনকো লক্ষ্য কৰি লৈছে।

‘চেম টাৰ্গেটছ, নিউ প্লেবুকছ’ নামৰ প্ৰতিবেদনখনত কোৱা হৈছে, “চীনে এই গুৰুত্বপূৰ্ণ নিৰ্বাচনসমূহত ছ’চিয়েল মিডিয়া, কৃত্ৰিম বুদ্ধিমত্তাৰ লাভ উঠাব বিচাৰিব।” এই প্ৰতিবেদনৰ গৱেষকসকলৰ অনুমান যে চীনে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰি ভাৰত বা আমেৰিকাৰ দৰে দেশৰ নিৰ্বাচনী ফলাফলত প্ৰভাৱ পেলাব নোৱাৰিলেও এই ক্ষেত্ৰত তেওঁলোকে পৰীক্ষা-নিৰীক্ষা কৰি যাব।
প্ৰতিবেদন অনুসৰি, বিগত জানুৱাৰী মাহত টাইৱানৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বেইজিঙে প্ৰভাৱ পেলাব বিচাৰিছিল। মাইক্ৰ’ছফ্টৰ মতে, এখন দেশে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি আন এখন দেশৰ নিৰ্বাচনত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে, যিটো তেওঁলোকে টাইৱানৰ নিৰ্বাচনৰ পূৰ্বে দেখা নাছিল।
সেই প্ৰেক্ষাপটত তথ্য প্ৰযুক্তি সংস্থাটোৰ সতৰ্কবাণী, “চীনে কেৱল টাইৱানৰ নিৰ্বাচনক প্ৰভাৱিত কৰিয়েই ক্ষান্ত নাথাকিব। তেওঁলোকৰ লক্ষ্য বহুত আগুৱাই গৈছে। আৰু তাৰ বাবে তেওঁলোকে অহৰহ উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি আছে।” মাইক্ৰ’ছফ্টৰ প্ৰতিবেদন অনুসৰি, ২০২৩ চনৰ জুন মাহৰ পৰা চীন আৰু উত্তৰ কোৰিয়াৰ পৰা চাইবাৰ আক্ৰমণ চলি আছে।
এই চাইবাৰ আক্ৰমণে মূলত তিনিটা ক্ষেত্ৰক লক্ষ্য কৰি লৈছে। সেয়া হৈছে, প্ৰথম দক্ষিণ প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ, দ্বিতীয় দক্ষিণ চীন সাগৰীয় অঞ্চল আৰু তৃতীয় আমেৰিকাৰ প্ৰতিৰক্ষা-প্ৰযুক্তিৰ ভিত্তি। এই তিনিটা অঞ্চলক লক্ষ্য কৰি চীনে চাইবাৰ চোৱাচিতা আৰু মাজে মাজে চাইবাৰ আক্ৰমণ অব্যাহত ৰাখিছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
লগতে কোৱা হৈছে যে ২০২৩ চনৰ শেষৰ ফালে চীনে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি ভাৰত, ফিলিপাইনছ, হংকং আৰু আমেৰিকাত বিভিন্ন সামৰিক অনুশীলনক লক্ষ্য কৰি লৈছে। উদ্দেশ্য হৈছে তেওঁলোকৰ অৰ্থনৈতিক আৰু সামৰিক শক্তি বৃদ্ধি কৰা।











