লোকসভা নিৰ্বাচন (Lok Sabha Election)ৰ প্ৰাক মুহূৰ্তত বিভিন্ন ৰণকৌশল গ্ৰহণ কৰিছে বিজেপিয়ে (various Strategy of BJP)। তাৰেই অংশৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)য়ে নিৰ্বাচনৰ পূৰ্বে অধিক লোকৰ কাষ চাপিবলৈ অধিক পৰিমাণে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাত গুৰুত্ব আৰোপ (Emphasis on the use of social media ) কৃষৰ।
বৃহস্পতিবাৰে পুৱা প্ৰধানমন্ত্ৰীয়ে ‘নমো’ এপৰ জৰিয়তে মুঠ ১০টা লোকসভা সমষ্টি ক্ৰমে চম্বল, ফতেহপুৰ ছিক্ৰী, ফিৰোজাবাদ, হাথৰছ আৰু আগ্ৰাৰ ২২,৬৪৮জন বুথ কৰ্মীৰ সৈতে মত বিনিময় (Exchange of views with booth workers) কৰে। উত্তৰ প্ৰদেশৰ উক্ত দহটা সমষ্টিত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অহা ৭ মে’ত অনুষ্ঠিত হ’ব। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “ভোটদান দিৱস আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ব লাগে। বুথ কৰ্মীসকলে নিশ্চিত কৰিব লাগিব যে গৰমৰ মাজতো যাতে মানুহে ভোট দিবলৈ আহে।”
উল্লেখযোগ্য যে বিজেপিৰ দৰে কেডাৰ ভিত্তিক দল এটাই বুথ শক্তিশালী কৰাত সদায় গুৰুত্ব আৰোপ কৰি আহিছে। বিগত দুবছৰ ধৰি সমগ্ৰ দেশতে বুথ পৰ্যায়ত দলৰ শক্তি বৃদ্ধিৰ ক্ষেত্ৰত সক্ৰিয় হৈ আছে বিজেপি। নিজৰ ভাষণত মোডীয়ে মহিলাসকলক ভোটদানৰ বাবে উৎসাহিত কৰিবলৈ বুথ পৰ্যায়ৰ হোৱাটছএপ গ্ৰুপ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ মূলত অধিক মহিলাৰ কাষ চাপিবলৈ আৰু বিজেপি আৰু চৰকাৰৰ কাৰ্যকলাপৰ বিষয়ে অৱগত কৰিবলৈ এনেধৰণৰ গোট গঠনৰ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ উপৰি তেওঁ বুথ কৰ্মীসকলক কয় যে নতুন ভোটাৰসকলক ভোটদানৰ বাবে উৎসাহিত কৰাৰ উপৰি ইউপিএৰ যুগৰ দুৰ্নীতি আৰু পৰিয়ালবাদৰ ৰাজনীতিৰ বিষয়েও অৱগত কৰাটো প্ৰয়োজন।
মোডীয়ে যোৱা দহ বছৰত চৰকাৰে গ্ৰহণ কৰা জনকল্যাণমূলক নীতিৰ বিষয়ে অধিক ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিবলৈ কয়, যাতে প্ৰচাৰ প্ৰান্তীয় লোকসকলৰ মাজলৈও যাব পাৰে। মোডীয়ে কয়, “চৰকাৰী সুবিধাৰ বিষয়ে অৱগত কৰিবলৈ ছ’চিয়েল মিডিয়া অধিক ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে, যাতে মানুহ চৰকাৰৰ কামৰ প্ৰতি অধিক সচেতন হয়।”
আনহাতে, প্ৰধানমন্ত্ৰী মোডীয়ে দলৰ জ্যেষ্ঠ কৰ্মীসকলৰ পৰা পৰামৰ্শ লোৱাত গুৰুত্ব আৰোপ কৰে। ইয়াৰ ভিতৰত আছে কেনেকৈ এটা বুথ শক্তিশালী কৰিব পাৰি, কেনেকৈ দলৰ প্ৰাৰ্থীক বুথত জয়ী কৰিব পাৰি।