কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে (Union Ministry of Home Affairs) জনাইছে যে ১ এপ্রিলৰ পৰা নাগালেণ্ড (Nagaland)ৰ ৫ খন জিলাৰ ২১ খন থানা এলেকাৰ লগতে আৰু আঠখন জিলাত সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা (AFSPA) কার্যকৰী হৈ থাকিব (AFSPA will remain functional)। উল্লেখযোগ্য যে বিগত কেইবা বছৰ ধৰি সংশ্লিষ্ট অঞ্চলবোৰত এই আইন বলৱৎ হৈ আছে। আইন-শৃঙ্খলা পৰিস্থিতি বিবেচনা কৰিয়েই উক্ত অঞ্চলবোৰক হিংসাত্মক ঘটনা উপদ্রুত অঞ্চল বুলি ঘোষণা কৰাৰ এই সিদ্ধান্ত লোৱা হৈছে।
এই আইন কার্যকৰী হৈ থাকিবলগা জিলাকেইখন হৈছে ডিমাপুৰ, নিউলেণ্ড, চুমৌকেডীমা, মন, কিফিৰে, নোক্লাক, ফেক আৰু পেৰেন। ইয়াৰ উপৰি মোককচুং আৰু জুনহেবোতো জিলাৰ ছয়খন, কোহিমাৰ চাৰিখন, ওখাৰ তিনি আৰু লংলেং জিলাৰ ১খন থানা এলেকাত এই আইন বলৱৎ থাকিব।