দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক (Arvind Kejriwal) গ্ৰেপ্তাৰৰ প্ৰতিবাদত মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসগৃহ ঘেৰাও কৰাৰ পৰিকল্পনা কৰিছে আম আদমী পাৰ্টিয়ে। ইয়াৰ বাবে দলৰ সমৰ্থকসকলক পেটেল চ’ক এলেকাত একত্ৰিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পিছত আপে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ দিশে যাত্ৰা কৰাৰ পৰিকল্পনা কৰিছে। অৱশ্যে অশান্তিৰ আশংকাত দিল্লী আৰক্ষীও সতৰ্ক হৈ পৰিছে।
মঙলবাৰে পুৱা দিল্লী আৰক্ষীৰ উপ আয়ুক্ত দেৱেশ কুমাৰ মহলাই কয় যে আপক (প্ৰতিবাদ কাৰ্যসূচী) কোনো অনুমতি দিয়া হোৱা নাই। অশান্তি আৰু যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ দিল্লী আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত তেওঁ কয়, “আইন-শৃংখলাৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আমি প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত আৰু পেটেল চ’কৰ সন্মুখত প্ৰয়োজনীয় সংখ্যক বাহিনী মোতায়েন কৰিছো। কোনো ধৰণৰ প্ৰতিবাদ বা শোভাযাত্ৰাৰ অনুমতি দিয়া নহ’ব।”
প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ দিল্লীৰ লোক কল্যাণ মাৰ্গৰ ৭ নং স্থানত। মঙলবাৰে পুৱাৰে পৰা লোক কল্যাণ মাৰ্গ মেট্ৰ’ ষ্টেচনৰ সন্মুখত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে। পেটেল চ’ক আৰু কেন্দ্ৰীয় সচিবালয়ৰ মেট্ৰ’ ষ্টেচনৰ কিছু গে’ট ‘নিৰাপত্তাজনিত কাৰণ’ত বন্ধ কৰি দিয়া হৈছে। কিন্তু মেট্ৰ’ সেৱা স্বাভাৱিক আছে। দিল্লী আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকৰ ৫০খন টহলদাৰী গাড়ীয়ে ৰাজধানী অঞ্চলত টহল দি আছে।
দিল্লী যান-বাহন আৰক্ষীয়ে এক অধিসূচনা জাৰি কৰি মঙলবাৰে ভিৰ হোৱা সময়ত দিল্লীৰ চফদৰজং ৰোড, আকবৰ ৰোড আৰু তিন মূৰ্তি মাৰ্গৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ উপৰি যিসকলে বিমানবন্দৰ, ৰে’ল ষ্টেচনলৈ যাব তেওঁলোকক ‘পৰ্যাপ্ত সময়’ লৈ যাবলৈ পৰামৰ্শ দিয়া হৈছে।