ASSAM TIMES POST
নিউজ ডেক্সঃ নতুন নাগৰিকত্ব আইনৰ বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰতিবাদৰ জোৱাৰ অব্যাহত আছে৷ এনে সময়তে বিৰোধী দলবোৰ একেখন মঞ্চত থিয় হৈ প্ৰতিবাদ কৰাৰ ব্যস্ততা হাতত লৈছে৷ সকলোবোৰ সুকলমে হ’লে অহা ১৩ জানুৱাৰীত বিৰোধী দলৰ নেতাসকলে বৈঠকত বহাৰ কথা৷
সেইদিনা দিনৰ ২ বজাত সংসদৰ এনাক্সি ভৱনত এই বৈঠকত উপস্থিত থাকিবলৈ কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধী, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, এনচিপিৰ প্ৰধান শাৰদ পাৱাৰ, ডিএমকেৰ প্ৰধান এম কে ষ্টেলীন আদিয়ে আহ্বান জনাইছে৷ উল্লেখ্য যে এই আইনৰ বিৰুদ্ধে অসম, পশ্চিম বংগ, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আদি বিভিন্ন ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে৷













