তেলেংগানাৰ ৰাজ্যপাল পদৰ পৰা হঠাতে পদত্যাগ (Telangana Governor resigns suddenly) কৰে তামিলিছাই সুন্দৰাৰাজনে (Tamilisai Sundararajan)। তামিলিছাইক তেলেংগানাৰ লগতে পুডুচেৰীৰ লেফটেনেণ্ট গৱৰ্ণৰৰ দায়িত্বতো আছিল। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, তেওঁ উক্ত দায়িত্বৰ পৰাও সোমবাৰে পদত্যাগ কৰে।
সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি, সোমবাৰে পুৱা তামিলিছাইয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পদত্যাগ পত্ৰ প্ৰেৰণ (Resignation letter sent to President Draupadi Murmu) কৰে। তেলেংগানা ৰাজভৱনে তামিলিছাইৰ পদত্যাগৰ খবৰ নিশ্চিত কৰি এক বিবৃতি প্ৰকাশ কৰে। কিন্তু তেওঁ কিয় হঠাতে পদত্যাগ কৰিলে সেই সন্দৰ্ভত ইতিমধ্যে ৰাজনৈতিক মহলত জল্পনা-কল্পনা আৰম্ভ হৈছে।
উল্লেখযোগ্য যে তেলেংগানাৰ ৰাজ্যপালৰ দায়িত্ব লোৱাৰ পূৰ্বে তামিলিছাই তামিলনাডু বিজেপিৰ সক্ৰিয় সদস্য আছিল। তামিলনাডু বিজেপিৰ সভাপতি তামিলিছাইক ২০১৯ চনত নৱগঠিত তেলেংগানাৰ প্ৰথম ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হয়। তাৰ পিছৰে পৰা দেওবাৰলৈকে তেওঁ উক্ত দায়িত্ব চম্ভালিছে। ২০২১ চনত তেওঁ অতিৰিক্ত দায়িত্বসহ পুডুচেৰীৰ লেফটেনেণ্ট গৱৰ্ণৰ হিচাপেও নিযুক্তি লাভ কৰিছিল।
ৰাজ্যপাল পদৰ পৰা পদত্যাগ কৰি সক্ৰিয় ৰাজনীতিলৈ ঘূৰি আহিব নেকি তামিলিছাই? এতিয়া সৰ্বত্ৰে সেই চর্চাই চলিছে। সূত্ৰ অনুসৰি, আগন্তুক লোকসভা নিৰ্বাচনত তেওঁ বিজেপিৰ প্ৰাৰ্থী হ’ব পাৰে। তামিলনাডুৰ যিকোনো সমষ্টিৰ পৰা লোকসভাৰ টিকট লাভ কৰিব পাৰিব তামিলিয়াই। অৱশ্যে কোনখন আসনত তেওঁ টিকট লাভ কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
উল্লেখযোগ্য যে তামিলিছাই পূৰ্বতেও নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ২০০৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ চেন্নাইৰ (উত্তৰ) পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু জয়ী হ’ব নোৱাৰিলে। ২০১৯ চনত তামিলনাডুৰ থুথুকুডী আসনৰ পৰা বিজেপিৰ টিকট লাভ কৰিছিল তামিলিছাই। কিন্তু ডিএমকেৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হয়।