দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আম আদমী পাৰ্টিৰ নেতা (Aam Aadmi Party leader) সত্যেন্দ্ৰ জৈনৰ জামিন আবেদন নাকচ (Satyendar Jain’s bail plea rejected) কৰিলে উচ্চতম ন্যায়ালয়ে (Supreme Court)। লগতে আদালতে কয়, “সত্যেন্দ্ৰই তৎক্ষণাত আত্মসমৰ্পণ কৰিব লাগিব।” কেৱল তেওঁৰেই নহয়, এই সম্পৰ্কীয় গোচৰৰ আন দুজন অভিযুক্ত অংকুশ জৈন আৰু বৈভৱ জৈনৰো আবেদন উচ্চতম ন্যায়ালয়ে নাকচ কৰে।
উল্লেখযোগ্য যে অসুস্থতাৰ বাবে সত্যেন্দ্ৰক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল উচ্চতম ন্যায়ালয়ে। যোৱা বছৰৰ মে’ মাহত জামিন লাভ কৰি তিহাৰ জে’লৰ পৰা ওলাই আহিছিল আপ নেতাগৰাকী। সত্যেন্দ্ৰৰ অধিবক্তাই তেতিয়াৰে পৰা চিকিৎসাধীন হৈ থকা বুলি আদালতত দাবী কৰে। সত্যেন্দ্ৰৰ অন্তৱৰ্তীকালীন জামিন কেইবাবাৰো বৃদ্ধি কৰা হয়। কিন্তু সোমবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বেলা এম ত্ৰিবেদী আৰু ন্যায়াধীশ পংকজ মিথালৰ বিচাৰপীঠে দিল্লীৰ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ জামিন আবেদন সম্পূৰ্ণৰূপে খাৰিজ কৰে। শুনানিৰ শেষত উচ্চতম ন্যায়ালয়ে সত্যেন্দ্ৰক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে।
উল্লেখ্য, ২০২২ চনৰ মে’ মাহত সত্যেন্দ্ৰক বলবৎকাৰী সঞ্চালকালয়ে (ইডি) ৫০ লাখ টকাৰ উৎকোচৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। অভিযোগ অনুসৰি, তেওঁ অবৈধ ধনেৰে মাটি ক্ৰয় কৰিছিল। সত্যেন্দ্ৰই অৱশ্যে সেই অভিযোগ মানি লোৱা নাছিল। জে’ললৈ যোৱাৰ পিছৰে পৰা সত্যেন্দ্ৰই বাৰে বাৰে নিজকে অসুস্থ বুলি দাবী কৰি আহিছে। ইয়াৰ পিছত দেখা যায় যে সত্যেন্দ্ৰ জে’লত অসুস্থ হৈ পৰে। তিহাৰ জে’লৰ শৌচাগাৰত অজ্ঞান হৈ পৰে দিল্লীৰ প্ৰাক্তন স্বাস্থ্য আৰু কাৰাগাৰ মন্ত্ৰীগৰাকী।
উক্ত ঘটনাৰ পিছত লগে লগে সত্যেন্দ্ৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। একে সময়তে সত্যেন্দ্ৰই অসুস্থতাৰ কাৰণে উচ্চতম ন্যায়ালয়ত জামিনৰ বাবে আবেদন জনায়। উচচতম ন্যায়ালয়েও এই আবেদন অনুমোদন জনায়। সত্যেন্দ্ৰক অন্তৱৰ্তীকালীন জামিন দিয়া হৈছিল যদিও গোচৰ চলি আছে। সেই গোচৰৰ শুনানি যোৱা জানুৱাৰী মাহত সমাপ্ত হয়। শাস্তি প্ৰদান স্থগিত ৰখা হয়। সোমবাৰে উচ্চতম ন্যায়ালয়ে সত্যেন্দ্ৰৰ জামিন গোচৰত ৰায় দিয়ে।