ASSAM TIMES POST
ডিফুঃ প্ৰয়াত অসমৰ জনপ্ৰিয় শিল্পী সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীতৰ কথাৰে ” ডিফুৱেই হওঁক তোমাৰে নাম মংগলে তোমাৰ ” নগাওঁ, গোলাঘাট হোজাই, নাগালেণ্ড আৰু মেঘালয়ৰ সীমামূৰীয়া বৃহৎ মাটিকালিৰে আৱৰা অসমৰ পাৰ্বত্য জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফু চহৰ পাহাৰৰ ওপৰত স্থাপিত এক ক্ষুদ্ৰ আৰু পৰিষ্কাৰ চহৰ ৷
গুৱাহাটীৰ পৰা মটৰপথৰ দৈৰ্ঘ্য ২৭০ কিল’মিটাৰ আৰু ৰেলপথৰ দৈৰ্ঘ্য ২১৩ কিল’মিটাৰ ৷ আন্তঃগাথনিৰ ফালৰ পৰা ২০১৯ বৰ্ষত ডিফু চহৰৰ পৰিৱৰ্তনে চহৰ খনত উন্নয়ণৰ এক নতুন দিগন্ত সূচনা কৰিছে ৷ সৌ সিদিনালৈকে ডিফু চহৰখনত লেখত লবলগীয়া কোনো উন্নয়ণমূলক কাম-কাজ হোৱা পৰিলক্ষিত হোৱা নাছিল ৷
আন্তঃগাথনিৰ দিশৰ পৰা চহৰখনে কোনো সুনাম অৰ্জন কৰিব পৰা নাছিল ৷ বিধ্বস্ত বাট-পথ, ভগা-ছিগা দলঙ, স্বাস্থ্য ব্যৱস্থাৰ পয়ালগা ৰূপে চহৰখনক আধুনিক ব্যৱস্থাৰ পৰা নিলগাই ৰাখিছিল ৷ বিজেপি শাসিত কাৰবি আংলঙ স্বায়ত্ত শাসিত পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে নেতৃত্ব গ্ৰহণ কৰাৰ দিনৰে পৰা পূৰ্ব প্ৰতিশ্ৰুতি দিয়া ধৰণে চহৰ খনৰ উন্নয়ণ মূলক কাম- কাজত মনোনিবেশ কৰে ৷ চহৰখনৰ বাট-পথ নিৰ্মাণৰ পৰা আৰম্ভ কৰি মেৰামতি, বাট পথৰ বহলীকৰণ, স্বাস্থ্য আৰু কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ৩০ বিভাগক উন্নয়ণমূলক কাম-কাজত অগ্ৰসৰ হবলৈ সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে ৷
ডিফুক স্মাৰ্টচিটি হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পোৱা পূঁজীৰে চহৰ খনৰ আন্ত:গাথনি আৰু বিভিন্ন আঁচনিৰ অধীনত নিৰ্মান কাৰ্য আৰম্ভ কৰা হৈছে ৷চহৰখনৰ সম্প্ৰসাৰণ আৰু বৃদ্ধিৰ বাবে আচঁনি সমূহ মূল চহৰৰ পৰা কিছু আঁতৰে আঁতৰে ৰূপায়িত কৰা হৈ আছে ৷ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ প্ৰত্যক্ষ তত্বাৱধানাত চলি থকা উন্নয়ণ মূলক নিৰ্মাণ কাৰ্য সমূহত জিলাখনৰ বিভিন্ন প্ৰান্তৰ নিবণুৱা যুৱক নিয়োজিত হৈছে ৷
চহৰখনত কৰ্ম সংস্কৃতি ঘূৰি অহাৰ লগতে ডিফুৰ হৃদয়স্থলীত ৪৫ কোটি টকা ব্যয় সাপেক্ষে স্থাপন হোৱা নৱনিৰ্মিত ষ্টেডিয়ামখনৰ জৰিয়তে চহৰখনৰ লগতে জিলাখনৰ ক্ৰীড়াজগতত ক্ৰীড়া সংস্কৃতিৰ প্ৰতিও যুৱ প্ৰজন্ম আকৃষ্ট হৈছে ৷ সম্পূৰ্ণ আধুনিক পদ্ধতিৰে নিৰ্মান কৰা ষ্টেডিয়াম খনত আটক ধুনীয়া ইনড’ৰ ষ্টেডিয়াম, গেষ্ট হাউছ থকাৰ লগতে এটা ছুইমিং পুল নিৰ্মাণ হবলৈ গৈ আছে ৷ নৱনিৰ্মিত ডিফুৰ আধুনিক ষ্টেডিয়াম খনত ইতিমধ্যে বাংলাদেশ, নেপাল, শ্ৰীলংকা, গোৱা ছালগাওকাৰ আদি দেশ – বিদেশৰ খেলুৱৈয়ে প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰি গৈছে ৷ ২০১৮ ইং বৰ্ষৰ ২৩ জুন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিফুত কেইবাটাও আঁচনিৰ আধাৰ শিলা স্থাপন কৰি থৈ গৈছে ৷ সেইবোৰ ক্ৰমান্বয়ে ১৪৫৩’৯৯ লাখ টকাএআইবিপিৰ ২০১৩-১৪ বৰ্ষৰ ডিলা,জলসিঞ্চন আঁচনি, ৯৯ লাখ টকা ব্যয় সাপেক্ষে ২০১৪-১৫ বিত্তীয় বৰ্ষৰ এআইবিপিৰ আঁচনিৰ অধীনত বৰজান জলসিঞ্চন আচনিৰ অধীনত ফংলাংচ’ আচনি ৷
২০১৮-১৯ বিত্তীয় বৰ্ষৰ হাডক’ৰ পৰা আবণ্টিত পূঁজীৰ অধীনত ৮৫০’০০ লাখ টকা ব্যয় সাপেক্ষে ডিফুৰ চেৰ্কালচাৰত মাল্টি ষ্টৰড কাৰ পাৰ্কিং, ২২০০’০০ লাখ টকা ব্যয় সাপেক্ষে ডিফুৰ মাটিপুঙত কাৰবি পৰিষদৰ অতিথিশালা, ১২০০’০০ লাখ টকা ব্যয় সাপেক্ষে চৰকাৰী গাহৰি আৰু কুকুৰা ফাৰ্মত পৰিদৰ্শন বাংল’ ও প্ৰশিক্ষণ কেন্দ্ৰ, ছেমছনছিং ইংতি মেম’ৰিয়েল পাৰ্কৰ ডিফু লেকৰ ওচৰত১৫৩০’০০ টকা ব্যয় সাপেক্ষে শ্বপিং মল, আদি ৷ ইয়াৰোপৰি ডিফু চহৰৰ বুকুভেদি বৈ যোৱা ডিফু নদীৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ড্ৰীম প্ৰজেক্টৰ জৰিয়তে ৮ কোটি টকা ব্যয় সাপেক্ষে ডিফু নদীৰ পাৰ বন্ধাৰ লগতে নদীৰ পাৰত পাৰ্ক নিৰমাণ কৰাত চহৰখনৰ গৰিমা বৃদ্ধি পাইছে ৷
ইয়াৰোপৰি চহৰ বিভিন্ন তিনি আলিত কাৰবি পৰাম্পৰাগত বীৰ- বীৰাংগনা ক্ৰমে, চেৰদিহুন, থং নকবে, ৰংফাৰপী ৰংবে, চিৰ ৱম’ আৰু কাৰবি পৰাম্পৰাগত প্ৰতীক জাম্বলি আথন আদি প্ৰতিমূৰ্তি স্থাপন কৰি ৰঙ- বিৰঙৰ আলোক সজ্জাৰে নিশাৰ ভাগত ডিফু চহৰক মায়ানগৰীলৈ ৰূপান্তৰিত কৰিছে ৷ চহৰখনৰ প্ৰতিটি পথতে ৰেলিঙ, ডিভাউডাৰ , হাইমেকে্স পাৱাৰ লাইট, ষ্ট্ৰীট লাইট আদিৰে নিশাৰ ভাগত আলোকময় হৈ পৰে ৷
ইয়াৰোপৰি ডিফু চহৰৰ মাটিপুঙত ১৩ হেক্টৰ ভূমিত স্থাপন স্থাপন কৰা হৈছে আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰ নামৰ এক মনোমোহা উদ্যান ৷উদ্যাণখনক শিশুৰ খেলা-ধূলা আৰু আনন্দৰ বাবে পৰ্যাপ্ত সুবিধা আৰু প্ৰেক্ষাগৃহ লগতে মুকলি মঞ্চ আৰু কেফেটেৰিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ আনহাতে চহৰখনৰ সিটো মূৰৰ ন্যায়িক আদালতৰ ওচৰত স্থাপন হৈছে পাহাৰীয়া জিলাখনৰ ৰাইজৰ বহু প্ৰতীক্ষিত ডিফু চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয় ৷
প্ৰথমতে অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা কেন্দ্ৰ হিচাপে নামাকৰণ কৰা হৈছিল যদিও বৰ্তমান ইয়াক ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰে নামাকৰণ কৰা হৈছে ৷ ২০১১ চনতে আধাৰ শিলা স্থাপন কৰা ডিফু চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্যত জড়িত আছে ব্ৰক্ষ্মপুত্ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড নামৰ কোম্পানী ৷ ২০১৯ ইং বৰ্ষৰ নৱেম্বৰ মাহত ৰাজ্য চৰকাৰৰ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা মহাবিদ্যালয়খনৰ বহিৰ্বিভাগৰ কাম- কাজৰ শুভ উন্মোচন কৰাৰ লগতে ১১ ডিচেম্বৰৰ পৰা অন্তঃবিভাগৰ কাম- কাজৰ শুভাৰম্ভ হৈছে ৷
৩০০ খন বিছনা যুক্ত হাস্পাতালখনত ৰোগী ভৰ্তি কাৰ্য চলি আছে ৷ ইতিমধ্যে মেডিকেল কাউঞ্চিল অফ ইণ্ডিয়াৰ তিনজনীয়া পৰিদৰ্শকৰ দল এটিয়ে ডিফু চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰি থৈ গৈছে ৷ সকলো ঠিকে ঠাকে থাকিলে ১০০ জন শিক্ষাৰ্থীৰে চলিত বৰ্ষতে চিকিৎসা মহাবিদ্যালয় খনৰ শৈক্ষিক পাঠদান আৰম্ভ হব বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে ৷
চিকিৎসা মহাবিদ্যালয় খনত প্ৰৱক্তা, সহকাৰী প্ৰৱক্তা আৰু চিকিৎসক সহ মুঠ ৫৪ জনে নিযুক্তি পোৱাৰ বিপৰীতে তৃতীয় বৰ্গৰ কাৰিকৰী বিভাগত ৭২ জন, অনাকাৰিকৰীত, ৮৭ জন আৰু চতুৰ্থ বৰ্গৰ ১১৭ জন আৰু নাৰ্চৰ বাবে ২০২ জনক চৰকাৰে নিযুক্তি প্ৰদান কৰিছে ৷ ডিফু চিকিৎসা মহাবিদ্যালয়খনে পাহাৰীয়া ৰাইজৰ স্বাস্থ্যৰ ক্ষেত্ৰত বহুদিনীয়া অভাৱ পূৰণ কৰি পাহাৰীয়া জিলাখনত এক ঐতিহাসিক পৰিৱৰ্তন আনি দিবলৈ সক্ষম হৈছে ৷












