ASSAM TIMES POST
ডিফুঃ কাৰবি আংলং জিলাৰ মাঞ্জাত আজিৰে পৰা সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীলৈ শুভাৰম্ভ হৈছে ৪ৰ্থ মদ্ভাগৱত সপ্তাহ জ্ঞান যজ্ঞ ৷ মাঞ্জা ৯ মাইল গোৰ্খা গাঁৱৰ ছনচাৰি স্থানৰ সুউচ্চ টিলাৰ এক নৈসৰ্গিক পৰিবেশত অনুষ্ঠিত হৈছে মদ্ভাগৱত সপ্তাহ জ্ঞান যজ্ঞ ২০২০ ৷

কাৰ্যক্ৰমণিকা অনুসৰি আজি পুৱা মাঞ্জা ৯ মাইলৰ গোৰ্খা গাঁৱৰ ছনচাৰি স্থানৰ পৰা বিভিন্ন জাতি- জনগোষ্ঠীৰ এক বৰ্ণাঢ্য কলহ যাত্ৰা বাহিৰ কৰি মাঞ্জা স্থিত যমুনা নদীৰ পৰা পানী সংগ্ৰহ কৰি পুণৰ যজ্ঞ স্থানলৈ উভতি আহে ৷ ৫ জানুৱাৰী পুৱা ৫ বজাৰ পৰা হোম পূজা পাঠ, কথা প্ৰৱচন লগতে সন্ধিয়া আৰতি পাঠ, ৬ জানুৱাৰী পুৱাৰ পৰা হোম পূজা পাঠ, কথা প্ৰৱচন , সন্ধিয়া আৰতি পাঠ, ৭ জানুৱাৰী পুৱা হোম পূজা, কথা প্ৰৱচন আৰু আৰতি পাঠ ৷ ৮ জানুৱাৰীৰ পুৱাৰ পৰা হোম পূজা, কথা প্ৰৱচন, আনন্দ উৎসৱ, আৰতি পাঠ ৷
৯ জানুৱাৰী পুৱাৰ পৰা হোম পূজা, ৰাস লীলা কথা প্ৰৱচন আৰু আৰতি পাঠ৷ ১০ জানুৱাৰী পুৱাৰ পৰা হোম পূজা, ৰুক্মিণী বিবাহ তথা সুধামা চৰিত্ৰ ৷ আৰু ১১ জানুৱাৰী পুৱাৰ পৰা হোম পূজা পাঠ সুখদেৱ আৰতি, বিদায় তথা পূৰ্ণাহুতি ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মদ্ভাগৱত সপ্তাহ জ্ঞান যজ্ঞ ২০২০ উদযাপন সমিতিৰ সভাপতি কৃষ্ণ ভট্টৰায়ে কয় যে , মদ্ভাগৱত সপ্তাহ যজ্ঞৰ জৰিয়তে কাৰবি আংলঙৰ লগতে সমগ্ৰ অসম তথা ভাৰত বাসীৰ শান্তি সম্প্ৰিতী, উন্নতি, ভাতৃত্ব সমন্বয়ৰ বাবে ভগৱন্তৰ ওচৰত আশীৰ্বাদ কামনা কৰা হব ৷ আনহাতে ১০ জানুৱাৰীত লক্ষ চাকি প্ৰজলন কৰি প্ৰভূ ভগৱন্তৰ সুদৃষ্টিৰে সমাজৰ পৰা এন্ধাৰ দূৰ কৰি সমাজত জ্ঞানৰ পোহৰ বিলাবলৈ প্ৰয়াস কৰা হব ৷
সুদুৰ গুৱাহাীৰ ব্যাস পুৰুষোত্তম উপাধ্যায়ৰ নেতৃত্বত অসমৰ বিভিন্ন ঠাইৰ ১১ জনীয়া পুৰুহিতৰ দলে মদ্ভাগৱত জ্ঞান সপ্তাহ যজ্ঞ ২০২০ ৰ পূজা পাঠত অংশ গ্ৰহণ কৰিছে ৷ উদ্যােক্তা সকলে জাতি, ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে মদ্ভাগৱত জ্ঞান সপ্তাহ যজ্ঞত অংশ গ্ৰহণ কৰি গীতা সাৰাংসৰে উদ্বুদ্ধ হবলৈ আহ্বান জনায়।












