ৰাজ্য বা চৰকাৰে লোৱা যিকোনো সিদ্ধান্তক সমালোচনা কৰাটো নাগৰিকৰ অধিকাৰৰ ভিতৰত। বৃহস্পতিবাৰে এটা গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে (Supreme Court) এই পৰ্যবেক্ষণ আগবঢ়ায়। দেশৰ শীৰ্ষ আদালতৰ মতে, প্ৰতিটো সমালোচনা অপৰাধ নহয়। বাক স্বাধীনতাৰ ক্ষেত্ৰতো আৰক্ষী অধিক সচেতন হ’ব লাগে বুলি আদালতে কয়।
জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰি ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ সিদ্ধান্তৰ বিৰোধিতা প্ৰকাশ কৰিছে কাশ্মীৰৰ এজন অধ্যাপকে। পেছাত তেওঁ মহাৰাষ্ট্ৰৰ এখন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। কিন্তু জাভেদ আহমেদ হাজাম নামৰ অধ্যাপকজনৰ নামত এটা অপৰাধমূলক গোচৰ ৰুজু হয়।
তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে যে ৫ আগষ্টত (২০১৯ চনত ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ দিন) তেওঁ হোৱাটছএপৰ ডিপি ব্লেক আউট কৰি লিখিছিল, “জম্মু-কাশ্মীৰৰ বাবে ক’লা দিন।” ইয়াৰ উপৰি ১৪ আগষ্টত তেওঁ পাকিস্তানৰ স্বাধীনতা দিৱস ‘উদযাপন’ কৰাৰ অভিযোগ উত্থাপন হৈছে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে ইয়াৰ শুনানি গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ে অধ্যাপকগৰাকীৰ বিৰুদ্ধে দাখিল কৰা গোচৰ খাৰিজ কৰে।
ন্যায়াধীশ অভয় এছ ওকা আৰু ন্যায়াধীশ উজ্জ্বল ভূৱানৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰি কয়, “ভাৰতৰ সংবিধানে দেশৰ নাগৰিকক মত প্ৰকাশৰ অধিকাৰ আৰু বাক স্বাধীনতা প্ৰদান কৰিছে। এই সুৰক্ষাৰ অৰ্থ হ’ল ৩৭০ অনুচ্ছেদ বাতিলকে ধৰি চৰকাৰৰ যিকোনো সিদ্ধান্তক যিকোনো নাগৰিকে সমালোচনা কৰিব পাৰে। চৰকাৰৰ সিদ্ধান্তত অসন্তুষ্ট হৈ মাত মাতিব পৰাটো এজন নাগৰিকৰ অধিকাৰৰ ভিতৰত পৰে।”
আনহাতে, গোচৰটোৰ কথা উল্লেখ কৰি আদালতে কয় যে এটা বিশেষ দিনক ‘ক’লা দিন’ বুলি কোৱাটো ‘প্ৰতিবাদ আৰু যন্ত্ৰণাৰ প্ৰকাশ’। পাকিস্তানৰ স্বাধীনতা দিৱস উদযাপনৰ অভিযোগ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ, “এয়া সৌজন্যমূলক”।