
ককৰোচ জনতা পাৰ্টীৰ দুই নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাক যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰি গ্ৰেপ্তাৰ হোৱাৰ পিছত আদালতে আৰু দুদিনৰ বাবে ন্যায়িক জিম্মাত ৰাখিছে। আনহাতে, ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে ভাবুকি দিয়াৰ অভিযোগৰ বাবে ইচ্ছাকৃতভাৱে বিচাৰ পলম হোৱা বুলি অভিযোগ উত্থাপন কৰিছে চিজেপিয়ে। ইফালে আৰক্ষীৰ জাননীৰ বিৰুদ্ধে নেহা বোৰাই দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। সোমবাৰে বিশেষ কাৰ্যবাহী দণ্ডাধীশে চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ ন্যায়িক জিম্মা আৰু দুদিন বৃদ্ধি কৰে। ১৩ অক্টোবৰত নিষেধাজ্ঞা উলংঘা কৰি যন্তৰ-মন্তৰত প্ৰৱেশ কৰাৰ সময়তে তেওঁলোকক আটক কৰি ৰখা হৈছিল।

১৮ অক্টোবৰত বিশেষ কাৰ্যবাহী দণ্ডাধীশে অচিনাক্ত ব্যক্তিয়ে তেওঁক ভাবুকি দিয়াৰ কথা প্ৰকাশ কৰে। সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন কৰে। এই ঘটনাৰ বাবে ইচ্ছাকৃতভাৱে জামিন প্ৰক্ৰিয়া পলম হোৱা বুলি অভিযোগ উত্থাপন কৰিছে চিজেপিয়ে।
আনহাতে, দিল্লী আৰক্ষীয়ে আইছাৰ নেত্ৰী নেহা বোৰাক ১০ হাজাৰ টকাৰ বণ্ড জমা দিবলৈ নিৰ্দেশ দিছিল। সোমবাৰে বিয়লি তেওঁ আৰক্ষীৰ জাননীৰ বিৰোধিতা কৰি দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে।













