ASSAM TIMES POST
নিউজ ডেক্সঃ সমগ্ৰ দেশতে অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ৷ ইয়াৰ লগতে নাগৰিকপঞ্জীৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছে৷ তাৰ মাজতে কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে দেশৰ পৰা ৰ’হিংগীয়া বিতাৰণ কৰাৰ কথা উল্লেখ কৰিছে৷
ম্যানমাৰৰ ৰ’হিংগীয়াসকলৰ স্থান ভাৰতত নাই৷ মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে এই কথা স্পষ্ট কৰি দিয়ে৷ মন্ত্ৰীজনৰ মতে জম্মুত বহু ৰ’হিংগীয়াই আশ্ৰয় লৈছে৷ কিন্তু তেওঁলোকক দেশত নাগৰিকত্ব দিয়া নহ’ব৷ তেওঁলোকক বাচি বাচি দেশৰ পৰা আঁতৰ কৰিবলৈ কাম শীঘ্ৰে আৰম্ভ হ’ব৷ চৰকাৰী কৰ্মচাৰীসকলক লৈ শুকুৰবাৰৰ পৰা তিনি দিনীয়াকৈ হোৱা এক অনুষ্ঠানত নাগৰিকত্ব সংশোধনী আইনক লৈ হোৱা আলোচনাত মন্ত্ৰীজনে এনেদৰে মত প্ৰকাশ কৰে৷
তেওঁ কয়, সংসদত বিধেয়কখন অনুমোদন হোৱাৰ দিনাই জম্মু আৰু কাশ্মীৰত নাগৰিকত্ব সংশোধনী আইন আৰম্ভ হৈ গৈছে৷ এতিয়া ৰ’হিংগীয়াসকলক লৈ পৰৱৰ্তী পদক্ষেপ ল’ব চৰকাৰে৷