ASSAM TIMES POST
ডিফুঃ অৱসৰ প্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰণৰ বাবে গঠিত উচ্চ পৰ্যায়ৰ সমিতিখনে আজি ডিফুত উপস্থিত হৈ কাৰবি আংলং জিলাৰ বিভিন্ন ৰাজনৈতিক, সামাজিক দল- সংগঠন, ছাত্ৰ সংগঠনৰ সৈতে মিলিত হৈ অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত তেওঁলোকৰ মতামত গ্ৰহণ কৰে৷

ডিফু আৱৰ্ত ভৱনত অনুষ্ঠিত হোৱা মতামত গ্ৰহণ অনুষ্ঠানত জিলাখনৰ প্ৰায় সংখ্যক দল-সংগঠনেই উপস্থিত হৈ ৬ নং দফা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ সমিতিখনৰ আগত মতামত আগবঢ়ায়৷ আজি এই পৰ্যায়ৰ সমিতিখনৰ বৈঠকত দল সংগঠন সমূহ আছিল কৰ্মে, কংগ্ৰেছ, চিপিআই(এমএল) হিলছ পাৰ্টী, এইছএছডিচি, জাকাছ, কেএছএ, কেএছৱাইচি, কেএনচিএ, প্ৰাক্তন ইউপিডিএছ ৱেলফেয়াৰ ছ’চাইটি আদি ৷ মতামতৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত দল- সংগঠনৰ নেতৃ বৰ্গই জানিবলৈ দিয়ে যে, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ ক্ষেত্ৰত তেওঁলোকৰ কোনোধৰণৰ দ্বিমত নাই আৰু এই দফাৰ সঠিক ভাবে ৰূপায়ণ হোৱাৰ সম্পূৰ্ণ পক্ষপাতী ৷ কিন্তু এই দফা ৰূপায়ণ কৰিবলৈ যাওঁতে ষষ্ঠ অনুসূচী এলেকাভূক্ত পাৰ্বত্য জিলা তিনিখনৰ ভূমি পুত্ৰ সকলৰ সংবিধান প্ৰদত্ত অধিকাৰ বা সুবিধা সমূহ বিপদাপন্ন হব নালাগে ৷
দল- সংগঠন সমূহৰ জনজাতীয় নেতৃত্বই নিজকে অসমীয়াৰ পৰিৱৰ্তে নিজকে অসমবাসী বুলিহে পৰিচয় দিবলৈ আগ্ৰহী বুলি মন্তব্য কৰি লগতে কয়যে, যিহেতুকে কাৰবি পাৰ্বত্য জিলা তিনিখনৰ খিলঞ্জীয়া প্ৰতিটো জনগোষ্ঠীৰ নিজা নিজা সুকীয়া ভাষা সংস্কৃতি আছে সেয়ে তেওঁলোকে নিজক জাতীয় পৰিচয় দিবলৈহে অধিক ভাল পাব ৷
এই সন্দৰ্ভত সকলো জনজাতীয় নেতাই একে মুখে কয় যে, যি সময়ত অন্যতম বৃহৎ ভাষা হিচাপে স্বীকৃত অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতিয়েই ভাবুকি নামি আহিছে আৰু ইয়াক সুৰক্ষিত কৰাৰ বাবে ৰক্ষা কৱচ হিচাপে অসম চুক্তিৰ ৬ নং দফাক কাৰ্যকৰী কৰিব বিচৰা হৈছে তেনে সময়ত অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ভাষা কিমান বিপদাপন্ন সেই কথা সহজে অনুমেয় ৷গতিকে অসমৰ পাৰ্বত্য ভুমিৰ সকলো খিলঞ্জীয়া জাতি- জনগোষ্ঠীৰ জাতীয় স্বকীয়তা বজাই ৰাখিবলৈ হলে সংবিধান প্ৰদত্ত ২৪৪(ক) অনুচ্ছেদৰ আধাৰত তিনিখন পাহাৰীয়া জিলা ক্ৰমে পূব আৰু পশ্চিম কাৰবি আংলং আৰু ডিমা হাচাওক সাঙুৰি অসমৰ ভিতৰত এখন স্বায়ত্ত শাসিত ৰাজ্য গঠন কৰিলেহে ইয়াৰ খিলঞ্জীয়া জাতি- জনগোষ্ঠীৰ ভাষা- সংস্কৃতি জীয়াই থাকিব ৷
আজিৰ মতমত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকা সকলোৱে উচ্চ পৰ্যায়ৰ সমিতিখনৰ আগত পাৰ্বত্য ভূমি সুৰক্ষাৰ বাবে স্বায়ত্ত ৰাজ্য গঠনৰ বিকল্প নাই বুলি স্পষ্ট ভাষাত অৱগত কৰাৰ উপৰি কাৰবি ভাষাক অষ্টম অনুসূচীত অন্তৰ্ভূক্ত কৰিব লাগে বুলি মন্তব্য কৰে ৷ উল্লেখৰ প্ৰয়োজন যে, ডিফু আৱৰ্ত ভৱনত অনুষ্ঠিত আজিৰ এই গুৰুত্বপূৰ্ণ বৈঠকখনৰ পৰা সংবাদ মাধ্যমক নিলগাই ৰখা পৰিলক্ষিত হয় ৷












