কাৰবি আংলঙৰ (Karbi Anglong) পিজিআৰ-ভিজিআৰ ভূমিখণ্ড মুক্ত (PGR-VGR land free) কৰাকলৈ মঙলবাৰে ডিফুত অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠকত সৰ্বসন্মত সিদ্ধান্ত (Decision at all party meeting) মৰ্মে পিজিআৰ-ভিজিআৰ ভূমিত অবৈধ বেদখলকাৰীক উচ্ছে কৰাৰ সদ্ধান্ত গ্ৰহণ কৰা হয়৷
উল্লেখযোগ্য যে, যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা কাৰবি আংলঙৰ প্ৰফেছনেল গ্ৰেজিং ৰিজাৰ্ভ (পিজিআৰ) আৰু ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ (ভিজিআৰ) ত অবৈধ বেদখলমুক্ত কৰাকলৈ এএছডিচি যুৱ মৰ্চা আৰু কেএছএ সদস্যসকলে প্ৰতিবাদ কৰি উভতি অহা পথত পশ্চিম কাৰবি আংলঙৰ খেৰণি চাৰি আলিত দূৰ্বৃত্তই প্ৰতিবাদকাৰী দলটোৰ ওপৰত বৰ্বৰ ভাবে আক্ৰমণ চলাই গুৰুতৰভাৱে জখম কৰাৰ পিছত উতপ্ত হৈ পৰিছিল দুই পাৰ্বত্য জিলা পূৱ আৰু পশ্চিম কাৰবি আংলং৷ জিলা দুখনৰ পিজিআৰ-ভিজিআৰ ভূমি খণ্ডত অবৈধ বেদখলমুক্ত কৰাৰ বাবে সকলো দল-সংগঠন, ছাত্ৰ সংগঠন আৰু সামাজিক সংগঠনে নিৰৱাচ্ছিন্নভাবে প্ৰতিবাদ কৰি আহিছিল৷ উক্ত প্ৰতিবাদৰ ফলত জিলা দুখনৰ যাতায়ত, ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণভাবে বন্ধ পৰিছিল৷ এক প্ৰকাৰ জিলা দুখনত জন-জীৱন স্তব্ধ হৈ পৰিছিল৷
উক্ত অচলাৱস্তাৰ মাজতে সোমবাৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে এএছডিচি, কেএছএ আৰু কেএনচিএৰ নেতৃ বৰ্গৰ সৈতে এক বৈঠকত মিলিত হয় ৷ আজি উক্ত বিষয়কলৈ পুণৰ ডিফুৰ মাটিপুং স্থিত আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰত চিইএম তুলিৰাম ৰংহাঙে এক সৰ্বদলীয় বৈঠক আহ্বান কৰে ৷ উক্ত বৈঠকত জিলাৰ খনৰ বিভিন্ন ৰাজনৈতিক দল, ছাত্ৰ সংগঠন আৰু সামাজিক সংগঠনৰ নেতা সকলে অংশ গ্ৰহণ কৰাৰ লগতে দুয়োখন জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলে অংশগ্ৰহণ কৰে৷
পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা প্ৰায় তিনিঘণ্টা সময় জোৰা ৰুদ্ধ দ্বাৰ বৈঠকৰ পিছত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে এক সংবাদমেলৰ আয়োজন কৰে৷ সংবাদমেল সম্বোধন কৰি চিইএম তুলিৰাম ৰংহাঙে (CEM Tuliram Ronghang) কয় যে, আজিৰ বৈঠকত সৰ্ব সন্মত সিদ্ধান্ত মৰ্মে কাৰবি আংলঙৰ পিজিআৰ আৰু ভিজিআৰ ভূমিখণ্ডত অবৈধভাবে বেদখল কৰি থকা বিভিন্ন জাতি-জনগোষ্ঠীৰ ১৯৮৩ পৰিয়ালক ইতিমধ্যে উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ অনুসৰি শীঘ্ৰে উচ্ছেদ কৰা হব৷
কালিলৈৰ পৰা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা অবৈধ বেদখলকাৰীলৈ জাননী প্ৰেৰণ কৰা হব ৷ উক্ত এলেকাত প্ৰায় ৯৮৬৫ লোক অবৈধ ভাবে বসবাস কৰি আছে বুলি জনায় ৰংহাঙে ৷ উচ্ছেদৰ এছঅপি তৈয়াৰ কৰাৰ লগতে ফুলনি, ডিফু শিলনীজান আৰু ডংকামোকাম ৰীজহ চক্ৰৰ পিজিআৰ-ভিজিআৰ ভূমিত অবৈধ বেদখলকাৰীক উচ্ছেদৰ বাবে বিশেষ কোষ গঠন কৰা হব ৷ ইয়াৰোপৰি পিজিআৰ-ভিজিআৰ এলেকাত নিযুক্তি প্ৰাপ্ত চৰকাৰী গাওঁবুঢ়া সকলৰ নিযুক্তিও বাতিল কৰা হব বুলি কয় ৰংহাঙে ৷ আইন-শৃংখলাৰ বিষয়টো অসম চৰকাৰ হাতত থকাৰ বাবে অসম চৰকাৰৰ লগত আলোচনা কৰি শীঘ্ৰে এই অঞ্চলত উচ্ছেদ চলোৱা হব বুলি মন্তব্য কৰে চিইএম গৰাকীয়ে ৷ ইয়াৰোপৰি উচ্ছেদৰ পিছত উচ্ছেদিত ৰাইজৰ পুণ:সংস্থাপনৰ ক্ষেত্ৰত পৰ্যায়ক্ৰমে, ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয় তুলিৰাম ৰংহাঙে৷
আনহাতে অনুষ্ঠিত সৰ্বদলীয় বৈঠকৰ সময়ত প্ৰতিবাদকাৰী সকলে ডিফুৰ মাটিপুঙ তিনিআলিত অৱস্থান কৰি বিভিন্ন শ্লাগানেৰ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ নিৰাপত্তা ৰক্ষীক সষ্টম কৰি ৰখা পৰিলক্ষিত হয় ৷ বৈঠকৰ অন্তত উচ্ছেদৰ সিদ্ধান্তৰ খবৰ পোৱাৰ লগে লগে প্ৰতিবাদকাৰীসকলৰ মাজত এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়৷