
ত্ৰিপুৰাৰ এখন চৰকাৰী মহাবিদ্যালয়ত সৰস্বতী পূজাৰ মূৰ্তিক (Tripura Saraswati Puja) লৈ সৃষ্টি হৈছে বিতৰ্ক। শেহতীয়াকৈ এই কথা পোহৰলৈ আহিছে। অভিযোগ অনুসৰি, মহাবিদ্যালয়খনত অৰ্ধনগ্ন সৰস্বতী মূৰ্তি পূজাৰ বাবে নিৰ্মাণ কৰা হৈছিল। পিছত বজৰং দল আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (এবিভিপি) সমৰ্থকসকলে চৰকাৰী কলা মহাবিদ্যালয়খনত প্ৰৱেশ কৰি সৰস্বতীৰ প্ৰতিমূৰ্তিত শাৰী মেৰিয়াই দিয়ে।

তেওঁলোকে অভিযোগ কৰে যে দেৱী সৰস্বতীৰ মূৰ্তিটোত শাৰী পৰিধান কৰা হোৱা নাছিল, সেয়েহে তেওঁলোকে এই কামটো কৰিবলৈ বাধ্য হয়।
ঘটনাটো সৰস্বতী পূজাৰ দিনা বুধবাৰে বিয়লি আগৰতলাৰ লিচুবাগান অঞ্চলত সংঘটিত হয়। এবিভিপি আৰু বজৰং দলৰ সমৰ্থকসকলে চৰকাৰী কলা আৰু কাৰুশিল্প মহাবিদ্যালয়ত প্ৰায় বলপূৰ্বকভাৱে প্ৰৱেশ কৰে। সেই সময়ত মহাবিদ্যালয়ৰ ভিতৰত সৰস্বতী পূজা চলি আছিল।
শিক্ষাৰ্থীসকল তাত উপস্থিত আছিল। দুয়োটা গোটৰ সদস্যই তেওঁলোকৰ সন্মুখত সৰস্বতী মূৰ্তিৰ ‘পোছাক’ত আপত্তি কৰে। মূৰ্তিটো আৰ্ট কলেজৰ শিক্ষাৰ্থীসকলে নিজেই নিৰ্মাণ কৰিছিল। মূৰ্তিটোৱে পিন্ধা পোছাকত শাৰী নাছিল। বজৰং দল আৰু এবিভিপিৰ সমৰ্থকসকলে মহাবিদ্যালয় কৰ্তৃপক্ষক প্ৰশ্ন যে মূৰ্তিটোত কিয় শাৰী পৰিধান কৰা হোৱা নাছিল। দলটোৱে তাৰ পিছত মহাবিদ্যালয় কৰ্তৃপক্ষক মূৰ্তিটোৰ ওপৰত শাৰী এখন মেৰিয়াবলৈ বাধ্য কৰায়।
প্ৰত্যক্ষদৰ্শীৰ মতে, প্ৰতিবাদকাৰীসকলক শান্ত কৰিবলৈ মূৰ্তিটোত ৰঙা শাৰীত মেৰিয়াই দিয়া হয়। কিন্তু তাৰ পাছতো তেওঁলোকে মহাবিদ্যালয়ৰ চৌহদ এৰি যোৱা নাছিল। বজৰং দলৰ সমৰ্থকসকলে মূৰ্তিটো কাপোৰেৰে সম্পূৰ্ণৰূপে ঢাকি ৰাখিছিল। তেনেকৈয়ে মহাবিদ্যালয়ত সৰস্বতীক পূজা কৰা হয়।
এবিভিপিৰ এজন কৰ্মীয়ে কয়, “সৰস্বতীৰ মূৰ্তিটোৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ভিডিঅ’টো চোৱাৰ পিছত আমি মহাবিদ্যালয়খনত উপস্থিত হওঁ আৰু কৰ্তৃপক্ষক মূৰ্তিটোত শাৰী পিন্ধাবলৈ বাধ্য কৰোঁ।” ঘটনাসন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভিএইচপিৰ এজন মুখপাত্ৰই কয়, “যিধৰণে সৰস্বতী মূৰ্তি নিৰ্মাণ কৰা হৈছে, ই দেৱীক উপযুক্ত সন্মান প্ৰদৰ্শন কৰা নাই। আমি এই ঘটনাক গৰিহণা দিছো।”
তথ্য পোৱাৰ পিছত আৰক্ষীয়ে নিজে মহাবিদ্যালয়ত উপস্থিত হয়। অৱশ্যে ইয়াক লৈ কৰ্তৃপক্ষই কোনো গোচৰ ৰুজু কৰা নাই।









