ASSAM TIMES POST
ডিফুঃ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত আজি ডিফুত জনজাতি হিতাধিকাৰীৰ মাজত পাৱাৰটিলাৰ আৰু স্বৰাজ্যৰ বাবে আন্দোলনত জড়িত শ্বহীদ পৰিয়ালৰ মাজত ৫ লাখ টকাকৈ আনুষ্ঠানিক চেক বিতৰণ কৰে ৷ ডিফু আৰবেৰটাম আৰু ক্ৰাফ্ট চেণ্টাৰৰ প্ৰেক্ষাগৃহত আজি পাৱাৰ টিলাৰ আৰু চেক সমূহ আনুষ্ঠানিক বিতৰণ কৰে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু সাংসদ হৰেণছিং বে’ই ৷ আজিৰ আনুষ্ঠানিক বিতৰণ অনুষ্ঠানত পৰিষদৰ কেইবাগৰাকী ইএম, এম এচি আৰু পৰিষদৰ সচিব সকল উপস্থিত থাকে ৷

ভাষণ প্ৰসংগত সাংসদ হৰেণছিং বে’ই কয়যে, নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আন্দোলনকাৰী সকলে গণতান্ত্ৰিক আৰু অহিংসা আন্দোলনৰ আশ্ৰয় লৈহে আন্দোলন কৰিব লাগে ৷ ইয়াৰোপৰি পাৱাৰটিলাৰ বিতৰণ সন্দৰ্ভত সাংসদ গৰাকীয়ে কয়যে, কাৰবি আংলঙৰ উৰ্বৰা ভূমি ভগৱানৰ দান ৷ সেয়ে খেতিয়ক সকলে আঁচনিৰ জৰিয়তে ৰাজ সাহায্য যুক্ত পাৱাৰটিলাৰ লাভ কৰি জিলাখনত কৰ্ম সংস্কৃতি গঢ়ি তুলিবলৈ সক্ষম হব ৷

আনহাতে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সাংবাদিকৰ আগত কয়যে, কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত আজি জিলাখনৰ ৬০ গৰাকী হিতাধিকাৰীক এককালীন বিশেষ গ্ৰাণ্টৰ জৰিয়তে পাৱাৰটিলাৰ সমূহ বিতৰণ কৰে ৷ পাৱাৰটিলাৰ সমূহৰ বাবে পৰিষদে ৮০ শতাংশ মূল্য বহন কৰিব, হিতাধিকাৰীয়ে ২০ শতাংশ মূল্য বহন কৰিয়েই এই পাৱাৰটিলাৰ পাবলৈ সক্ষম হৈছে ৷

এটা পাৱাৰটিলাৰৰ মূল্য ১,৭৮,৪৪৩’০০ টকা তাৰ ভিতৰত হিতাধিকাৰীয়ে মাত্ৰ ৩৫,৭১০’০০টকাহে বহন কৰিব লাগিব ৷ আনহাতে জিলাখনৰ স্বায়ত্ত ৰাজ্যৰ আন্দোলনত জপিয়াই পৰি শ্বহীদ হোৱা ব্যক্তি সকলৰ প্ৰতি সন্মান জনাই কাৰবি স্বায়ত্ত শাসিত পৰিষদে এককালীন বিশেষ সাহায্যৰ জৰিয়তে জিলাখনৰ ২০০ পৰিয়ালক ৫ লাখ টকাকৈ মুঠ ১০ কোটি টকাৰ সাহায্য আগবঢ়োৱা হৈছে বুলি মুখ্যকাৰ্যবাহী সদস্যই মন্তব্য কৰে ৷













