ASSAM TIMES POST
নিউজ ডেক্সঃ বন্ধুত্বৰ মাজেৰে পাৰ হৈ গৈছিল যোৱাটো বছৰ৷ ফলত শীতল যুঁজখন কিছু পৰিমাণে প্ৰশমিত হৈছিল৷ উত্তৰ কোৰিয়া ভ্ৰমণ কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প৷ ইয়াৰ পাছতে দুয়োখন দেশৰ মাজত বন্ধু গঢ় লৈ উঠিছিল৷ উত্তৰ কোৰিয়াৰ স্বৈৰাচাৰী ৰাষ্ট্ৰপতি কিম জং উনে চিঠি লিখিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পলৈ৷
তাৰ প্ৰত্যুত্তৰ দিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে৷ নৱবৰ্ষৰ প্ৰথম দিনা আৱশ্যে শুভেচ্ছা দিয়া নহ’ল৷ ইয়াৰ বিপৰিতে বছৰৰ অন্তিম মঙলবাৰৰ দিনা কিমে হুংকাৰ দি ক’লে কোৰিয়াৰ উপদ্বীপত কোনো পৰমাণু নিষ্ক্ৰিয় কৰা নহ’ব৷
ইতিমধ্যে উত্তৰ কোৰিয়াৰ সপ্তম চেণ্ট্ৰেল কমিটী ফৰ ৱৰ্কাৰ্ছ পাৰ্টি অব কোৰিয়াৰ বৈঠক হৈ গৈছে৷ এই বৈঠকত কিমে ঘোষণা কৰিলে, আমেৰিকা যদি তেওঁলোকৰ প্ৰতি শত্ৰুভাৱাপন্ন আচৰণৰ পৰা আঁতৰি নাহে, তেনেহ’লে উত্তৰ কোৰিয়াত পৰমাণু অস্ত্ৰ পৰীক্ষা চলি থাকিব৷
কেৱল এয়াই নহয়, এইবাৰ উত্তৰ কোৰিয়া এক নতুন কৌশলগত শক্তিশালী অস্ত্ৰৰ সাক্ষী হ’ব সমগ্ৰ বিশ্ব৷ ইপিনে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়, মই বিশ্বাস কৰো কিম এক কথাৰ মানুহ৷ পৰমাণু অস্ত্ৰ পৰীক্ষা বন্ধ কৰি ৰখাৰ প্ৰতিশ্ৰুতি দিছিল, কিমে নিশ্চয় সেয়া ৰাখিব৷










