মঙলবাৰে ডিফুত (In Diphu) পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান ছ’চাইটি অফ এনেস্থালজিষ্টৰ (Indian Society of Anaesthologists) ৩২ সংখ্যক অধিৱেশন (32nd Session) ২০২৪ সন্দৰ্ভত এক সংবাদমেল (Press Meet) অনুষ্ঠিত কৰা হয় ৷ এবিচাকন ২০২৪ সমিতিৰ হৈ আয়োজন কৰা সংবাদমেলখন এবিচাকন-২০২৪-ৰ সাংগঠনিক অধ্যক্ষ ডাঃ এমপি নাথ আৰু সাংগঠনিক সচিবলডি জে শ্যামে সংবাদমেল সম্বোধন কৰি কয় যে, অহা ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰীত ইণ্ডিয়ান ছ’চাইটি অফ এনেস্থালজিষ্ট অসম ৰাজ্যিক সমিতিৰ উদ্যোগত আৰু ডিপাৰ্টমেণ্ট অফ এনেস্থালজিষ্ট ক্ৰিটিকেল কেয়াৰ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ব্যৱস্থাপনাত মহাবিদ্যালয় চৌহদ আৰু ডিফুৰ ছাৰছিং টেৰণ মেম’ৰিয়েল টাউন হলত অনুষ্ঠিত হ’ব৷
৯ ফেব্ৰুৱাৰীত ডিএমচিএইছৰ চৌহদত কৰ্মশালা অনুষ্ঠিত হোৱাৰ বিপৰীতে ১০ আৰু ১১ ফেব্ৰুৱাৰীত ছাৰছিং টেৰণ মেম’ৰিয়েল টাউন হলত মূল সন্মিলন অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে৷ সন্মিলনখনত দেশ-বিদেশৰ প্ৰায় ৩০০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে ডেনমাৰ্ক আৰু বাংলাদেশৰ প্ৰখ্যাত এনেস্থালজিষ্ট কেৰমে কে জেড আহমেদ আৰু সত্যজিত পালে অতিথি হিছাপে অংশগ্ৰহণ কৰিব৷
ইয়াৰোপৰি চেন্নাই ভূৱনেশ্বৰ, দিল্লী আৰু কলকাতাৰ পৰা ফেকাল্টি পিজি ছাত্ৰ-ছাত্ৰী লগতে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিয়ে এবিচাকন ২০২৪ ত অংশ গ্ৰহণ কৰিব বুলি সংবাদমেলত নেতা দ্বয়ে জানিবলৈ দিয়ে ৷ বহিঃৰাজ্যৰ প্ৰতিনিধি সকলে কাৰবি আংলঙৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য উপভোগৰ লগতে এবিচাকন ২০২৪ ৰ আতিথ্য গ্ৰহণ কৰিব বুলি জানিবলৈ দি সকলোকে এই সন্মিলনখনত অংশ গ্ৰহণ কৰি সন্মুলনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ নেতাদ্বয়ে আহ্বান জনাইছে৷