
কাৰবি আংলং (Karbi Anglong) জিলা পশুপালন বিভাগৰ উদ্যোগত ডিফুত আজি দ্বিতীয়বাৰৰ বাবে পোহনীয়া পশুৰ এটা পেট শ্ব’ অনুষ্ঠিত হৈ যায়। ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এই পেট শ্ব’ত ডিফু চহৰৰ লগতে আন বিভিন্ন অঞ্চলৰ পৰা অহা ১০০ ৰো অধিক বিভিন্ন পোহনীয়া জন্তৰ লগতে কুকুৰে অংশ গ্রহণ কৰে।

পশু চিকিৎসক লনী দত্তই জানিবলৈ দিয়া মতে পশু আৰু গৰাকীৰ মাজৰ বন্ধুত্ব স্থাপন কৰা আৰু এই বন্ধুত্ব প্রদর্শন কৰাই আজি এই প্রতিযোগিতাব মূল উদ্দেশ্য আছিল।
পোহনীয়া জন্তব পৰাই অকৃত্রিম মৰম কেনেকৈ লাভ কৰিব পৰা যায় এইটো পৰিস্ফুট হৈ বুলি দত্তই প্রকাশ কৰে । অতি কম সময়ৰ বাবে ধৰালৈ অহা এই জীৱ-জন্তুসমূহ আমি কিদৰে পতিপালন কৰিব লাগে আৰু ইহঁতব শুশ্রষা কিদৰে কৰিব পাৰি সেইটো প্রদর্শন কৰাও অন্যতম উদ্দেশ্য বুলিও প্রকাশ কৰে । এই প্রদর্শনীত প্রদর্শিত পোহনীয়া জন্তসমূহৰ বিভিন্ন পুৰস্কাৰৰো ব্যবস্থা কৰা হয় বুলি ডাঃ দত্তই প্রকাশ কৰে ।
প্রতিযোগিতাখনত গুবাহাটীৰ বিশিষ্ট পশু চিকিৎসক ডাঃ প্রদ্যুত শর্মা বিশিষ্ট পশু চিকিৎসক ডাঃ মৃণাল দাস আৰু নগাঁৱৰ প্রতিষ্ঠিত পশু চিকিৎসক ডাঃ ৰূপক কুমাব নাথ আজিব পেট শ্ব’ত বিচাৰক ৰুপে উপস্থিত থাকে বুলিও ডাঃ লনী দত্তই সংবাদমাধ্যমক আগত জানিবলৈ দিয়ে













