
বোকাজানৰ (Bokajan) লাহৰিজানস্থিত হুছাইনীয়া ইছলামীয়া হাফিজিয়া মাদ্ৰাছাৰ দশম বার্ষিক দ্বিনী জলছা আজি অনুষ্ঠিত হৈ যায়।এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে উত্তৰ প্ৰদেশৰ দাৰুল উলুম দেওবন্দৰ হজৰত মৌলানা মুফতি মনিৰ উদ্দিন ছাহাব, খলিফা হজৰত পীৰ জুলফিকৰ আহমেদ নক্সাবন্দী ছাহাব।

বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে কৰিমগঞ্জৰ হজৰত মৌলানা তাহিৰুল হক চৌধুৰী, ডিমাপুৰৰ হজৰত মৌলানা ফুজাইল আহমেদকে ধৰি আন বহু কেইজন বিশিষ্ট ধর্মীয় গুৰু।
অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বহু ধর্ম প্রাণ লোকে এই জলছাত অংশ গ্রহণ কৰে। অনুষ্ঠানত কোৰাণ পাঠ, কিৰাত পাঠ, গজল পাঠ আদিৰ লগতে বিশিষ্ট অতিথিসকলে ধৰ্মীয় বাণী আৰু ওৱাজ নছিহতেৰে শ্রোতাসকলক আকৰ্ষিত কৰা পৰিলক্ষিত হয়। .













