
দেউবাৰে সন্ধিয়া ৫ মান বজাত এমেজিং নমস্তে ফাউণ্ডেছনৰ উদ্যোগত অসম মহিলা আয়োগৰ সহযোগত ‘ৱমেন অন হুইলছ’ (Women on Wheels) শীর্ষক এখন আলোচনা চক্র আজি ডিফু আৱর্ত ভৱনত অনুষ্ঠিত হৈ যায়।

অসম আৰু নগালেণ্ডত অনুষ্ঠিত এই অনুষ্ঠানৰ জৰিয়তে স্থানীয় এনজিঅ’ আৰু ব্যৱসায়ীসকলৰ সৈতে মতবিনিময়ত গুৰুত্ব প্রদান কৰা হয়। আজি ডিফু আৱর্ত ভৱনত স্থানীয় বহু এনজিঅ’ আৰু ব্যৱসায়ী সকলৰ সৈতে হোৱা মতবিনিময় অনুষ্ঠানত অধ্যক্ষতা কৰে অতিৰিক্ত আয়ুক্ত ডাঃ টিংকু মণি বৰাই।

অনুষ্ঠানত শতাধিক লোকে অংশ গ্রহণ কৰে আৰু মতবিনিময় কৰে।













