
শণিবাৰে বিয়লি ২ মান বজাত ডিফুস্থিত ২০নং চিআৰপিএফৰ (CRPF) উদ্যোগত অনুষ্ঠিত হৈ থকা জিলা ভিত্তিক ভলীবল প্রতিযোগিতাব আজি চূড়ান্ত খেল অনুষ্ঠিত হয়। কার্বি আংলং আৰু পশ্চিম কার্বি আংলঙৰ মুঠ ১২টা দলে অংশ গ্রহণ কৰা প্রতিযোগিতাখন কার্বি আংলঙৰ পুৰোধা ব্যক্তি ছাৰছিং টেৰণ (হাবে) নামত অনুষ্ঠিত কৰা হৈছিল।

আজি সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে ডিফুৰ বিধায়ৰ বিদ্যাছিং ইংলেং, চিআৰপিএফৰ খটখটী ডিআইজি অনিল বিষ্ট, ২০ বিএন চিআৰপিএফৰ কমাণ্ডেণ্ট স্বৰ্ণ সিঙ, দ্বিতীয় কামাণ্ডেণ্ট তিলক ৰাজ, বিশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ’ আৰু চিআৰপিএফব বহু শীর্ষ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত চূড়ান্ত খেলত অংশ গ্রহণ কৰে বোকাজান ক্রীড়া সন্থা আৰু থংনকবে ভলীবল দল (বিৰলা) চূড়ান্ত খেলত থংনকবে বিৰলা দলে ৩-২ ব্যবধানত খিতাপ দখল কৰে।













