এক দিশহীন বাজেট । সাধাৰণ মানুহৰ বাবে অন্তৱৰ্তীকালীন বাজেটত একো নাই। বাজেটক সমালোচনা কৰি বিৰোধীৰ এই দাবী (Opposition’s demand)। বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অন্তৱৰ্তীকালীন বাজেট দাখিল কৰে। বাজেট সন্দৰ্ভত বিৰোধীয়ে কয় যে আয়কৰ অপৰিৱৰ্তিত ৰাখি প্ৰত্যক্ষ আৰু পৰোক্ষ কৰকে ধৰি কেইবাখনো আঁচনি ঘোষণা কৰাৰ পিছতো বাজেটত সাধাৰণ মানুহৰ বাবে একো নাই। আনহাতে, ঐক্যবদ্ধ বিৰোধীয়ে কয়, “এয়া হৈছে বিজেপি চৰকাৰৰ বিদায় বাজেট।”
এক্স পোষ্টত সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে লিখিছে, “বাজেটত যদি সাধাৰণ মানুহৰ উন্নয়নৰ কথা উল্লেখ নাই, তেন্তে সেয়া বাজেট নহয়। বিজেপি চৰকাৰে দহ বছৰ ধৰি জনবিৰোধী বাজেট বনোৱাৰ অভিলেখ গঢ়ি তুলিছে। এইবাৰো একো সলনি হোৱা নাই। এইখন বিজেপি চৰকাৰৰ বিদায় বাজেট।” আনহাতে, উদ্ধৱ থাকৰেয়ে কয়, “মোডী চৰকাৰে অন্তিম বাজেট দাখিল কৰিছে। বিত্তমন্ত্ৰীক ধন্যবাদ।”
ইফালে কংগ্ৰেছৰ অধিৰঞ্জন চৌধুৰীয়ে কয়, “লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই বাজেট প্ৰস্তুত কৰা হৈছে। ইয়াত সাধাৰণ মানুহৰ বাবে একো নাই।”