কাৰবি আংলং (Karbi Anglong) জিলাৰ ডলমৰা আৰক্ষী চকী (Dolamara Police Station)ৰ অধীনৰ বৰপুঙ (Borpung)ত যোৱা ২৬ জানুৱাৰীৰ দিনা এগৰাকী ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা (12-year-old girl raped, murdered) কৰা কাণ্ডৰ দোষীক কঠোৰ শাস্তি বিহাৰ দাবী (Demand for strict punishment for the culprits) কৰিছে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু বিধায়ক দৰছিং ৰংহাঙে (MLA Darsing Ronghang) ৷
কিশোৰী গৰাকীৰ আজি ডিফুত মৰণোত্তৰ পৰীক্ষা কৰি থকাৰ সময়ত বিধায়ক দৰছিং ৰংহাঙৰ নেতৃত্বত পৰিষদৰ অধ্যক্ষ ৰাজু তিচ’ আৰু কেইবাগৰাকী কাৰ্যবাহী সদস্য উপস্থিত হৈ পৰিয়াল বৰ্গক সাক্ষাৎ কৰে ৷ বিধায়ক দৰছিং ৰংহাঙে সংবাদ মাধ্যমৰ আগত এই ঘটনাৰ তীব্ৰ নিন্দা কৰি এনে ঘঢটনা কোনো কাৰণতে গ্ৰহণ যোগ্য নহয় বুলি মন্তব্য কৰে ৷
বিধায়ক ৰংহাঙে পৰিয়াল বৰ্গক কিশোৰীগৰাকীৰ সৎকাৰৰ বাবে পৰিষদৰ হৈ ১ লাখ টকা প্ৰদান (Rs 1 lakh given for cremation) কৰা বুলি জানিবলৈ দি অহা ২ ফেব্ৰুৱাৰীত কিশোৰীগৰাকীৰ বাসগৃহত অনুষ্ঠিত হবলগীয়া সৎকাৰৰ সময়ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু পৰিষদৰ দল উপস্থিত থাকিব বুলি জানিবলৈ দি পৰিষদৰ তৰফৰ পৰা পুনৰ ১ লাখ টকা প্ৰদান কৰা হব বুলি ঘোষণা কৰে ৷আনহাতে দোষীক ক্ষীপ্ৰতাৰে কৰায়ত্ব কৰাৰ বাবে আৰক্ষী প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়৷