
কার্বি আংলং (Karbi Anglong) জিলাৰ ডলামৰা আৰক্ষী থানা (Dolamra Police)ৰ অধীনৰ নিলিপ পৰিষদীয় সমষ্টিৰ বৰপুঙত এগৰাকী ১২ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰি হত্যা (Raped and murdered) কৰাৰ ঘটনা আজি পোহৰলৈ আহে। ঘটনাৰ বিৱৰণি অনুসৰি ১২ বছৰীয়া কিশোৰীগৰাকীয়ে ডলামৰাত থকা আত্মীয়ৰ ঘৰত থাকি শিক্ষা গ্রহণ কৰি আছিল। খ্রীষ্টমাছত অতি অনগ্রসৰ বৰপুং নামৰ অঞ্চলত থকা নিজৰ বাসগৃহলৈ যোৱা কিশোৰীগৰাকীয়ে যোবা ২৬ জানুৱাৰীত পুনৰ ডলামৰালৈ বুলি একেখন গাঁৱৰে দিলীপ বংফাৰ নামৰ এগৰাকী ব্যক্তিৰ সৈতে উভতি আহিছিল।

উভতি অহাৰ বাটত দিলীপ ৰংফাৰে কিশোৰীগৰাকীক বলাৎকাৰ কৰি হত্যা কৰি জংঘলত পেলাই দিয়ে। কিশোৰীগৰাকী ডলামৰালৈ উভতি নহাৰ তথ্য লাভ কৰি কিশোৰীগৰাকীৰ আত্মীয়ই আৰক্ষীৰ কাষ চাপে। আৰক্ষী আৰু আত্মীয়ই যোরা ২৬ জানুৱাৰীব পৰা নিৰুদ্দেশ হৈ থকা কিশোৰীগৰাকীক বহু বিচাৰ-খোচাবৰ অন্তত আজি মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্রে জানিব পৰা মতে কিশোৰীগৰাকীয়ে দিলীপ ৰংফাৰৰ সৈতে এখন বাইকত ডলামৰালৈ বুলি উভতি আহোতে দিলীপ ৰংফাৰে এই জঘন্য কাণ্ড সংঘটিত কৰে। আৰক্ষীয়ে ইতিমধ্যে দিলীপ ৰংফাৰক গ্রেপ্তাৰ কৰি সোধা-পোচা অব্যাহত ৰাখিছে। কিশোৰীগৰাকীৰ আত্মীয়ই ডলামৰা থানাত উপস্থিত হৈ অভিযুক্তক ফাঁচি দিয়াব দাবী উত্থাপন কৰে।












